নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ আসন্ন বিধানসভা নির্বাচনত বিজেপিক প্রতিহত কৰাৰ লক্ষ্যৰে যোৱা মাহত কংগ্রেছ–এআইইউডিএফ– (এম)–চিপিআই (এম এল) আৰু আঞ্চলিক গণমর্চাই মহাজোঁট গঠন কৰাৰ পিছত আজি নিশা গুৱাহাটীৰ হোটেল গেটৱে’ গ্রেণ্ডিয়ৰত মহাজোঁটৰ প্রথমখন বৈঠক অনুষ্ঠিত হয়৷ মূলতঃ সমন্বয়ৰক্ষী সমিতি গঠন আৰু আসন বুজাবুজিৰ প্রাৰম্ভিক প্রক্রিয়া আৰম্ভ কৰাৰ বাবেই আজিৰ বৈঠকখনৰ আয়োজন কৰা হয়৷ বিগ ব্রাদাৰ কংগ্রেছৰ হৈ বৈঠকখনত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, উপ–সভাপতি ৰকিবুল হুছেইন আৰু জুম এপযোগে বিৰোধী দলপতি দেৱব্রত শইকীয়া উপস্থিত থাকে৷ অংশীদাৰ প্রতিটো দলৰ সৈতে কংগ্রেছে আজি সুকীয়াকৈ আলোচনাত মিলিত হয়৷ এআইইউডিএফৰ হৈ দলটোৰ সাধাৰণ সম্পাদক (সংগঠন) আমিনুল ইছলাম, বিধায়িনী দলৰ নেতা হাফিজ বছিৰ আহমেদ কাছিমী, বিধায়ক নজৰুল হক আদি উপস্থিত থাকে৷ বৈঠকৰ অন্তত এআইইউডিএফৰ সাধাৰণ সম্পাদক (সংগঠন) আমিনুল ইছলামে জানিবলৈ দিয়া মতে, মহাজোঁট গঠন হোৱাৰ ১৮–২০ দিন হৈ গ’ল যদিও এতিয়ালৈ সমন্বয়ৰক্ষী সমিতি গঠন হোৱা নাই৷ সেয়ে তেওঁলোকে অচিৰেই কংগ্রেছক সমন্বয়ৰক্ষী সমিতিখন গঠন কৰাৰ লগতে উমৈহতীয়া নূ্যনতম কার্যসূচী প্রস্তুত কৰি মহাজোঁটক অধিক গতিশীল কৰাৰ পৰামর্শ আগবঢ়ায়৷ তদুপৰি অহা নির্বাচনত কিমানখন আসনক টার্গেট কৰি মহাজোঁট কেনেদৰে আগবাঢ়িব, সেই সম্পর্কতো অচিৰেই ৰণকৌশল যুগুতোৱাৰ পোষকতা কৰে৷
এই বৈঠকখন সৌহার্দ্যপূর্ণ বুলি উল্লেখ কৰি তেওঁ কয় যে অহা বৃহস্পতিবাৰে অসমলৈ নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিং আহি আছে৷ সিঙৰ উপস্থিতিত পুনৰ মহাজোঁটৰ বৈঠক অনুষ্ঠিত হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷ ইপিনে, আঞ্চলিক গণমর্চাৰ মুখ্য আহ্বায়ক তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই জানিবলৈ দিয়া মতে, আজিৰ আলোচনা মূলতঃ সোনকালে সমন্বয়ৰক্ষী সমিতি গঠন কৰাৰ লগতে মহাজোঁটক অধিক শক্তিশালী ৰূপত আগবঢ়াই নিয়াৰ বিষয়টোৰ ওপৰতে আলোচনা চলে৷ নিখিল ভাৰত কংগ্রেছ কমিটীয়ে মহাজোঁটৰ অংশীদাৰ প্রতিটো দলৰ সৈতে আলোচনা কৰিবৰ বাবে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, উপ–সভাপতি ৰকিবুল হুছেইন আৰু বিৰোধী দলপতি দেৱব্রত শইকীয়াক লৈ এখন তিনিজনীয়া কমিটী গঠন কৰি দিছে৷ বাঁওপন্থী দল চিপিআই আৰু চিপিআই (এম)ৰ সৈতে ইতিমধ্যে কংগ্রেছে আলোচনাত বহিছে৷ আজি আঞ্চলিক গণমর্চাৰ সৈতে হোৱা আলোচনা ফলপ্রসূ বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে আজিৰ বৈঠকত তেওঁলোকে আসন বুজাপৰাৰ বাবেও প্রাৰম্ভিক আলোচনা কৰি এখন তালিকা দাখিল কৰিছে৷ অৱশ্যে বিৰোধী ঐক্য মানেই যিহেতু এৰাধৰা আৰু বুজাবুজি সেয়ে আসন নিষ্পত্তিৰ বিষয়টো পৰৱর্তী আলোচনাতহে চূড়ান্ত হ’ব৷ তেওঁলোকে কমেও ৪–৫খন আসন বিচাৰিব বুলি জানিবলৈ দি বটদ্রৱা সমষ্টিটো আঞ্চলিক গণ মর্চাই বিচৰাটো খাটাং বুলি প্রকাশ কৰে৷
আনহাতে বদৰুদ্দিন আজমলে শংকৰদেৱ চাহাব বুলি কোৱাৰ প্রসংগত প্রতিক্রিয়া প্রকাশ কৰি কয় যে বিজেপিয়ে শংকৰ বাবা বুলি কৈছিল৷ আজমলে অন্ততঃ শংকৰদেৱ শুদ্ধকৈ ক’লে৷ তদুপৰি শংকৰদেৱ চাহাব বুলি কোৱাৰ অভিপ্রায় বেয়া নাছিল বুলি উল্লেখ কৰি তেওঁ কয় যে আজমলৰ বক্তব্যত স্বাভাৱিকতে চাহাব শব্দটো ওলায়৷ তদুপৰি তেওঁৰ বক্তব্যৰ স্পিৰিটৰ পৰা এটা কথা স্পষ্ট হৈছে, তেওঁ হিন্দু–মুছলমানৰ ঐক্য, ধর্মনিৰপেক্ষতা, সমন্বয়ৰ কথাহে কৈছে৷ তেওঁ শংকৰদেৱক সমালোচনা কৰা নাই, গৰিহণা দিয়া নাই, নামানো বুলিও কোৱা নাই৷ স্বীকৃতিহে দিছে৷ ইফালে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই জানিবলৈ দিয়া মতে, আজিৰ বৈঠকত প্রত্যেকটো দলে মহাজোঁটক অধিক শক্তিশালী ৰূপত আগবঢ়াই নিয়াৰ বাবে সমন্বয়ৰক্ষী সমিতি গঠন, উমৈহতীয়া নূ্যনতম কার্যসূচী যুগুতোৱাৰ কথা কৈছে৷ আসন বুজাবুজিৰ প্রসংগ ওলাইছে যদিও বিস্তৃত আলোচনা এতিয়াও হোৱা নাই৷
মহাজোঁট শক্তিশালী, একগোট হৈ আছেঃ গৌৰৱ গগৈ
মহাজোঁট শক্তিশালী হৈ আছে৷ একগোট হৈ আছে৷ মহাজোঁটৰ ভিতৰত শান্তি–সম্প্রীতি–একতা আছে৷ ২০২১ত মহাজোঁটৰ চৰকাৰ হ’ব৷ সেই চৰকাৰত কংগ্রেছৰেই মুখ্যমন্ত্রী হ’ব৷ –এই মন্তব্য কলিয়াবৰৰ সাংসদ তথা প্রদেশ কংগ্রেছৰ নির্বাচনী ইস্তাহাৰ কমিটীৰ অধ্যক্ষ গৌৰৱ গগৈৰ৷ প্রদেশ কংগ্রেছৰ মুখ্য কার্যালয় ৰাজীৱ ভৱনত আজি আয়োজিত এখন সংবাদ মেলত গগৈয়ে কয় যে মহাজোঁট দেখি বিজেপিয়ে ভয় কৰিছে৷ মহাৰাষ্ট্র, ৰাজস্থানত বিজেপিয়ে চৰকাৰ ভাঙিবলৈ চেষ্টা কৰাৰ দৰে অসমতো মহাজোঁটৰ ভয়ত বিভিন্ন ষড়যন্ত্র চলাই আছে৷ কিন্তু অসমত মহাজোঁট শক্তিশালী হৈ আছে৷ সেইদৰে মহাজোঁটৰ অংশীদাৰ এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে কংগ্রেছৰ দখলত থকা বিভিন্ন সমষ্টিলৈ গৈ সভা–সমিতি অনুষ্ঠিত কৰি থকাৰ প্রসংগত সাংসদ গগৈয়ে কয় যে তেওঁ নিজেও ধিং সমষ্টিলৈ গৈ তাত সভা অনুষ্ঠিত কৰাৰ লগতে নিশাটোও কটাইছে৷ বিজেপিৰ বিৰুদ্ধে মানুহৰ মাজত সজাগতা সৃষ্টিৰ বাবে মহাজোঁটৰ সকলোৱে সমষ্টিয়ে সমষ্টিয়ে যাবই লাগিব৷ এই প্রসংগতে দলগাঁৱৰ কংগ্রেছ বিধায়ক ইলিয়াছ আলীয়ে এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে যোৱা বিধানসভা নির্বাচনৰ দৰে এইবাৰো বিজেপিক সহায়ৰ বাবে কাম কৰি থকাৰ সন্দেহ প্রকাশ কৰা সম্পর্কত সাংবাদিকে কৰা প্রশ্ণৰ উত্তৰত সাংসদ গগৈয়ে কয় যে তৃণমূল পর্যায়ত কংগ্রেছ কর্মীসকলে নিজৰ নিজৰ কথা ক’বই৷ এয়াই কংগ্রেছ৷
আনহাতে আজিলৈকে মহাজোঁটৰ উমৈহতীয়া নূ্যনতম কার্যসূচী গ্রহণ নকৰাৰ প্রসংগত গগৈয়ে কয় যে গুৱাহাটীত বহি উমৈহতীয়া নূ্যনতম কার্যসূচী কৰিব পৰা নাযায়৷ সেই কার্যসূচী দলসমূহে নিদিয়ে, ৰাইজেহে দিব৷ সেয়ে আমি সকলোৱে ৰাইজৰ মাজলৈ গৈ প্রকৃত বাস্তৱ ইস্তাহাৰখন প্রস্তুত কৰিব৷ একেদৰে আজমলে গুৰুজনাক অপমান কৰা সন্দর্ভত গগৈয়ে কয় যে গুৰুজনা ইমান শক্তিশালী যে তেওঁক কোনেও অপমান কৰিব নোৱাৰে৷ মন কৰিবলগীয়া এয়ে যে আসন্ন বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি আজি প্রদেশ কংগ্রেছে অসম বচাওক শীর্ষক এক প্রচাৰ কার্যসূচীৰ শুভাৰম্ভ কৰে৷ প্রদেশ কংগ্রেছৰ নির্বাচনী ইস্তাহাৰ কমিটীৰ অধ্যক্ষ গৌৰৱ গগৈয়ে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ উপস্থিতিত সেই কার্যসূচীৰ বিষয়ে সদৰী কৰি কয় যে এই ব্যৱস্থাৰ অধীনত অসমৰ জনসাধাৰণে দুই মিনিটৰ ছেল্ফি ভিডি’ এটা বনাই ছ’চিয়েল মিডিয়াত আপলোড কৰি অসম বচাওক ডট ইনত প্রেৰণ কৰিব পাৰিব৷ অসমৰ মানুহৰ সমস্যা সেই ব্যৱস্থাৰে সকলোৱে প্রেৰণ কৰিব পাৰিব৷ যিকোনো দলৰ সমর্থক, সমালোচক সকলোৰে পৰামর্শ কংগ্রেছে গুৰুত্বসহকাৰে ল’ব৷ নৃত্য, কলা, বত্তৃণতাৰ জৰিয়তে অহা প্রতিটো পৰামর্শ কংগ্রেছে গুৰুত্বসহকাৰে লৈ ইস্তাহাৰত উল্লেখ কৰিব৷ আনকি মহাজোঁট অহাৰ পিছত ৰাইজৰ সেই সমস্যাসমূহ কিমান সমাধান হ’ল, তাৰো নিয়মিত ৰূপত জনসাধৰণৰ পৰা মতামত গ্রহণ কৰি চৰকাৰখন কাম–কাজত অগ্রসৰ হ’ব৷ অসম বচাওক অভিযানৰ সময়ত অহা প্রতিটো পৰামর্শ প্রতিদিনে মূল্যায়ন কৰি উৎকৃষ্ট, উদ্ভাৱনীমূলক পৰামর্শ দিয়াসকলক আইফোন, ৱান প্লাছ বা নগদ ধনেৰে পুৰস্কৃত কৰাও হ’ব৷ সংবাদ মেলখনত সাংসদ গগৈয়ে বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে এই চৰকাৰখনে অসমৰ মানুহৰ বিবেকৰ শক্তি, আত্মসন্মান নাইকিয়া কৰি সকলোকে হিতাধিকাৰী সজাব বিচাৰিছে৷ ৮৩০ টকা, ৫০০ টকাৰ ওপৰত ৰাইজ নির্ভৰ কৰিবলগীয়া হৈছে৷
তাৰ জৰিয়তে বিজেপিয়ে জনসাধাৰণৰ বাক্–স্বাধীনতা, আৱেগিক সত্তা নাইকিয়া কৰিব বিচাৰিছে৷ তাৰ বাবেই বিজেপি কর্মীসকলে বিভিন্ন স্থানত বিজেপিৰ বিৰুদ্ধাচৰণ কৰিলে, মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বিৰুদ্ধে কথা ক’লে ৮৩০ টকা, ৫০০ টকাৰ আঁচনিৰ পৰা নাম কর্তন কৰা হ’ব বুলি প্রচাৰ চলাইছে৷ সংবাদ মেলখনত অংশগ্রহণ কৰি প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই কয় যে অসম বচাওঁ আহক অভিযানৰ জৰিয়তে কংগ্রেছে নির্বাচনী ইস্তাহাৰ প্রস্তুতিৰ কামত অগ্রসৰ হৈছে৷ নির্বাচনী ইস্তাহাৰ কমিটীৰ দল সমাজৰ সকলো স্তৰৰ লোকৰ কাষলৈ গৈ আটাইৰে অভাৱ–ভিযোগ, সমস্যা প্রতিফলিত হোৱাকৈ অতি সোনকালে জন–ঘোষণাপত্র প্রকাশ কৰিব৷ আজিৰ সেই অনুষ্ঠানৰ পিছতেই সাংসদ গৌৰৱ গগৈয়ে গুৱাহাটী প্রেছ ক্লাবত উপস্থিত হৈ সাংবাদিকসকলৰো বিভিন্ন অভাৱ–ভিযোগ–সমস্য্ বুজ লোৱাৰ লগতে বিভিন্ন ক্ষেত্রৰ ওপৰত পৰামর্শ গ্রহণ কৰে৷ আজিৰ দিনটোতে সাংসদ গগৈয়ে গুৱাহাটীৰ কেইবাটাও স্থানলৈ গৈ জনসাধাৰণৰ সমস্যাৰ আভাস লয়৷