নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানত হিন্দু মহিলাক ধৰ্ষণ কৰি কাটি পেলোৱা হ’ল মূৰ, স্তন

নিয়মীয়া বাৰ্তা, ৩০ডিচেম্বৰ: পাকিস্তানত প্ৰথমে এগৰাকী হিন্দু মহিলাক দলবদ্ধ ধৰ্ষণ কৰি মূৰ কাটি পেলোৱা হ’ল । কেৱল মূৰেই নহয় ,মহিলাগৰাকীৰ স্তনো দুৰ্বৃত্তই কাটি পেলাইছে । ছাল খনো শৰীৰ পৰা আঁতৰাই দিছে ।পাকিস্তানৰ সিন্ধুপ্ৰদেশৰ ৪০ বছৰীয়া এই মহিলাগৰাকীৰ ক্ষতবিক্ষত মৃতদেহ খেতি পথাৰত উদ্ধাৰ হৈছিল । আৰক্ষীৰ সূত্ৰ অনুযায়ী- মহিলাগৰাকী বিধৱা আছিল । তেওঁৰ ৪ টা সন্তান আছিল । মহিলাগৰাকীৰ এই হত্যা কাণ্ডৰ বাবে পাকিস্তানৰ ভিন্ন ঠাইত প্ৰতিবাদ হৈছে । চিঞ্জোৰোৰ স্থানীয় বাসিন্দাসকলে মহিলাগৰাকীৰ ন্যায়ৰ দাবীত ৰাজপথত প্ৰতিবাদ কৰিছে । কিন্তু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও অপৰাধৰ আঁৰত কোন আছে সেইটো বিচাৰি উলিয়াব পৰা নাই । ভাৰতেও মহিলাগৰাকীৰ নিৰ্মম হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে । এই ঘটনা সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে- পাকিস্তান চৰকাৰে পাকিস্তানৰ সংখ্যালঘু সম্প্ৰদায়ক সুৰক্ষা দিয়াৰ দায়িত্ব ভালদৰে পালন কৰিব লাগে । চৰকাৰে সংখ্যালঘুৰ সুৰক্ষা নিশ্চিত কৰিব লাগে বুলি কয় ।

You might also like