নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খোৱাপানীৰ টেংকত ওলাল মানুহৰ মল!

নিয়মীয়া বাৰ্তা, ৩০ডিচেম্বৰ: দলিত সম্প্রদায়ৰ লোকৰ ওপৰত চলা নির্যাতনৰ ঘৃণনীয় ৰূপ প্রত্যক্ষ কৰিবলগীয়া হৈছে তামিলনাডুৰ এখন গাঁৱৰ বাসিন্দাসকলে৷ গাঁওখনত শেহতীয়াকৈ দলিত সম্প্রদায়ৰ বাবে নির্ধাৰিত পানীৰ টেংকত ব্যাপক পৰিমাণে মানুহৰ মল পোৱা গৈছে৷ সেই টেংকৰ পৰা পানী খাই কেইবাটাও শিশুসহ গাঁওখনৰ বহু লোক অসুস্থ হৈ পৰিছে৷ ইয়াৰ পাছতে টেংকটোৰ পৰীক্ষা কৰা হয়৷ জিলা প্রশাসনৰ পৰা পৰীক্ষা চলোৱা সময়ত টেংকটোত মানুহৰ মল ভর্তি হৈ থকা দেখিবলৈ পোৱা গৈছে৷ এই ঘটনাক লৈ সমগ্র অঞ্চলটোত সৃষ্টি হৈছে উত্তেজনা৷ অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে স্থানীয় আৰক্ষীয়ে৷ পৰিস্থিতি নিয়ন্ত্রণলৈ আনিবলৈ গাঁওখনত আৰক্ষী মোতায়েন কৰিছে প্রশাসনে৷ তামিলনাডুৰ পুদুকোট্টাই গাঁৱত ১০ হাজাৰ লিটাৰৰ এই পানীৰ টেংকটো ব্যৱহাৰ কৰে ১০০গৰাকীতকৈ অধিক লোকে৷ যোৱা মঙলবাৰে ইয়াৰ ভিতৰত উদ্ধাৰ হয় মানুহৰ মল তথা অন্যান্য আৱর্জনা৷ ইয়াৰ পানী খাই ইতিমধ্যে বহু লোক অসুস্থ হোৱাৰ পাছত সমগ্র অঞ্চলটোত সৃষ্টি হৈছে উত্তেজনা৷ স্মর্তব্য যে উচ্চ বর্ণৰ লোকসকলে গাঁওখনত বিভিন্ন সময়ত দলিত সম্প্রদায়ক আতিশয্য চলাই আহিছে৷

You might also like