আমেৰিকাত ট্রাম্পলৈ সমর্থন হিন্দু মহিলাৰ
নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰঃ আগন্তুক আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনত ড’নাল্ড ট্রাম্পৰ প্রতি সমর্থন ব্যক্ত কৰিছে দেশখনৰ হিন্দু ভোটাৰসকলে৷ বহু হিন্দু আমেৰিকান ভোটাৰে ট্রাম্পৰ হিন্দু সম্প্রদায়লৈ অৰিহণা তথা চীনৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰা বিষয়টোক আদৰণি জনাইছে৷
বিশেষকৈ হিন্দু আমেৰিকান মহিলাসকলে মুকলি সমর্থন দিছে ট্রাম্পক৷ ৩ নৱেম্বৰত হ’বলগীয়া ৰাষ্ট্রপতি নির্বাচনত ট্রাম্পক এগৰাকী যোগ্য নেতা বুলি দেশখনত থকা বহু মহিলা সংগঠনে ছ’চিয়েল মিডিয়াযোগে প্রচাৰ চলাইছে৷
কৰিশ্মা হিমতসিংহানী নামৰ ডালাছৰ মহিলাগৰাকীয়ে উল্লেখ কৰিছে যে কোনো বাঁওপন্থী বা কট্টৰ সোঁপন্থী নহয়, এগৰাকী মধ্যমপন্থী নেতাৰ প্রয়োজন আমেৰিকাক৷ মধ্যমপন্থী উদাৰ নেতা হিচাপে হিন্দু মহিলাসকলে ট্রাম্পকে চিহ্ণিত কৰা বুলিও কৰিশ্মাই সংবাদ মাধ্যমক জনাইছে৷ লক্ষণীয়ভাৱে বহু চহৰত হিন্দু মহিলাসকলে ট্রাম্পৰ সমর্থনত বিভিন্ন কার্যসূচীৰো আয়োজন কৰিছে৷