নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এয়াৰ ইণ্ডিয়াত বহু প্রত্যাশিত নৱজাগৰণঃ ৫০০ বিমান ক্রয় কৰাৰ ঐতিহাসিক সিদ্ধান্ত

নিয়মীয়াবাৰ্তা, ১২ডিচেম্বৰ: টাটা গ্রুপৰ অধীনৰ এয়াৰ ইণ্ডিয়াই এক বহু প্রত্যাশিত নৱজাগৰণৰ দিশে আগবাঢ়িছে৷ ঐতিহাসিক সিদ্ধান্তৰে এয়াৰ ইণ্ডিয়াই ১০০ বিলিয়ন মার্কিন ডলাৰ মূল্যৰে ৫০০ বিমান ক্রয় কৰিব৷ এই বিমান ক্রয়ৰ ভিতৰত এয়াৰবাছ এ–৩৫০ আৰু বয়িং–৭৮৭ আৰু ৭৭৭ আছে৷ বিশেষ সূত্রত প্রকাশ পোৱা মতে ১০০ বিলিয়ন মার্কিন ডলাৰেৰে ৫০০ বিমান ক্রয় কৰিবলগীয়া সিদ্ধান্ত প্রায় সম্পূর্ণ হৈছে যদিও এতিয়ালৈকে আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই৷ এয়াৰ ইণ্ডিয়াই ৫০০ বিমান ক্রয়ৰ সিদ্ধান্ত বিশ্বৰ একক বৃহত্তম হ’ব৷ কিয়নো ইয়াৰ পূর্বে আমেৰিকা যুক্তৰাষ্ট্রই ৪৬০খন এয়াৰ বাছ আৰু বয়িং ক্রয় কৰিছিল৷ টাটাই এয়াৰ ইণ্ডিয়াক ভিস্তাৰাৰ সৈতে চামিল কৰাৰ সম্ভাৱনাক প্রচাৰ হোৱাৰ কেইদিনমান পাছতে এই ঐতিহাসিক বিমান ক্রয়ৰ সিদ্ধান্তটো চর্চাৰ মাজলৈ আহিছে৷ এয়াৰবাছ (এয়াৰ পি এ) আৰু বয়িঙে এই সিদ্ধান্তৰ কথা নুই কৰিছে যদিও টাটা গ্রুপৰ অধীনৰ এয়াৰ ইণ্ডিয়াই একো মন্তব্য কৰা নাই৷

You might also like