নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলেৰাৰ ভয়, ৰোমাঞ্চকৰ ইতিহাসসমৃদ্ধ এখন বিখ্যাত হোটেল

ব্ৰিটিছ ঔপনিৱেশিক শাসন কালত কলকাতা আছিল সকলোতকৈ ব্যস্ত চহৰ। আজিও ব্যস্ত আৰু সুকীয়া কলকাতা চহৰ। ধর্মতলা বুলিলে চকুত ভাঁহি উঠা বিশাল বগা ৰঙৰ হোটেলখন। গ্রেণ্ড হোটেল। ধর্মতলাৰ ভীষণ ভিৰৰ মাজত হেৰালে ক’বলৈ এটাই ঠিকনা- গ্রেণ্ড হোটেলৰ সন্মুখত আছোঁ। সস্তাত বজাৰ কৰিবলৈও সকলোৱে ‘গ্রেণ্ডৰ তলত’ ভিৰ কৰে। কিন্তু এই বিল্ডিঙটো চিৰকাল হোটেল নাছিল। ইয়াৰ দীর্ঘ ইতিহাস বহুতৰে বাবে অজানা।

উপনিবেশৰ চাকৰি কৰিবলৈ আহি শাসকসকলৰ নিজৰ ঘৰৰ কথা খুব মনত পৰিছিল। সেই ঘৰৰ আৰ্হিত কলকাতাত ঘৰ এটা তৈয়াৰ কৰিছিল তেওঁ। স্থপত্যবিদৰ নাম নাজানিলেও ক্লাচিকেল প্রাসাদোপম এই ঘৰটোৱে চৌৰংগি এলেকাৰ ৰূপ সলায় দিছিল। ঘৰটোৰ সৈতে থাকি গ’ল কর্নেল গ্রেণ্ডৰ নাম।

এদিন ঘৰ সলনিৰ দিন আহিল। কর্নেল গ্রেণ্ডৰ পাছত ঘৰটোৰ মালিক হৈছিল এজন আইৰিছ। তেওঁ পৰিচিত আছিল মিছেছ এনি মংক নামেৰে। তেওঁ এই ঘৰটোক বোর্ডিং হাউচলৈ সলনি কৰিলে।

এদিন এৰাটুন ষ্টিফেন নামৰ আর্মেনিয়ান ধনকুৱেৰজনে কিনি লৈছিল মিছেছ মংকৰ বোর্ডিং হাউছটো। এৰাটুনে কলকাতাক নানা ধৰণে সজাইছিল। এইবাৰ আৰু বোর্ডিং হাউছ ৰূপান্তৰিত হ’ল হোটেললৈ। এৰাটুন চাহেবে নতুন হোটেলৰ নাম দিলে ‘গ্রেণ্ড হোটেল’। এই হোটেল হৈ উঠিছিল ব্রিটিছ আৰু অন্যান্য ইউৰোপীয়ৰ অৱসৰ যাপনৰর পছন্দৰ ঠিকনা। ব্রিটিছ উপনিৱেশত কলকাতাৰ অন্যতম আকর্ষণ আছিল হোটেলখনৰ নববর্ষৰ পার্টী।

১৯২৭ চনত এৰাটুনৰ মৃত্যুৰ পাছতো গ্রেন্ড হোটেলৰর স্বকীয়তা অটুট থাকে। কিন্তু তাৰ পাছত ত্ৰিশৰ দশকত দেখা দিলে সমস্যাই। কলকাতাত কলেৰা মহামাৰীয়ে দেখা দিলে। কলেৰাত মৃত্যু হল গ্রেন্ড হোটেলৰ ৬ জন অতিথিৰো। অভিযোগ উঠিল হোটেলৰ নিষ্কাশন ব্যৱস্থা সন্দৰ্ভত। শেষত ১৯৩৭ চনত বন্ধ কৰা হ’ল গ্রেন্ড হোটেল।

১৯৩৯ চনত আইকনিক হোটেলখন লীজত ল’লে হোটেল ব্যৱসায়ী মোহন সিং ওবেৰয়ে। কিন্তু তেতিয়া ব্যৱসায় অত সহজ নাছিল। কাৰণ কলেৰাৰ ভয়ত অতিথিয়ে গ্রেণ্ডত ভৰি থোৱা নাছিল। মোহন ওবেৰয়ে নিজেই অতিথিৰ সৈতে কথা পাতি তেওঁলোকক আশ্বস্ত কৰিছিল। অভয় দিছিল হোটেলৰ নিৰাপত্তাক লৈ। ধীৰে ধীৰে আকৌ ছন্দ ওভোতাই পালে গ্রেণ্ড হোটেলে। ১৯৪৩ চনত মোহন ওবেৰয়ে ৫০০টি কোঠাৰ এই হোটেল কিনি লৈছিল।

কলকাতাৰ যিকেইটা ভৱনত প্রথম লিফ্ট আছিল, সেইবোৰৰ মাজৰ এটি গ্রেণ্ড হোটেল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এই হোটেল হৈ পৰিছিল ব্রিটিছ সৈন্যৰ অস্থায়ী ছাউনী। এই হোটেলৰ সর্বত্র ইউৰোপীয় আভিজাত্যৰ প্ৰতিচ্ছবি স্পষ্ট। কোৱা হয়, এই হোটেলৰ কোনো এটি কোঠাৰ সৈতে সাজসজ্জাৰ দ্বিতীয়টোৰ সাদৃশ্য নাই। বহু ইতিহাসৰ সাক্ষী এই অভিজাত অতিথি নিৱাস আজিও ৰূপেগুণে স্বতন্ত্র।

You might also like