নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইতিহাস ৰচনা কৰিলে ভাৰতীয় ৰেলে, পিছে কি এই ইতিহাস?

নিয়মীয়া বাৰ্তা ২ জুনঃ ভাৰতীয় ৰেলৰ বিষয়ে প্ৰায়েই অভিযোগ শুনা যায় যে সময়মতে কেতিয়াও উপস্থিত নহয় গৈ নিদিষ্ট স্থানত। কিন্তু ভাৰতীয় ৰেলে নিজৰ সময়মতে উপস্থিত নোহোৱা ছবি খন শুধৰণি কৰিবলৈ সক্ষম হৈছে। লকডাউনৰ মাজতে ভাৰতীয় ৰেলে এক ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হৈছে। দৰাচলতে ১ জুলাইৰ পৰা চলা প্ৰতিখন ৰেল নিদিষ্ট সময়ৰ ভিতৰত ষ্টেচনত উপস্থিত হৈছে গৈ।

এই বিবৃত্তি প্ৰকাশ কৰিছে ভাৰতীয় ৰেলৱে। বিবৃত্তিটোত উল্লেখ আছে যে ১ জুলাইৰ পৰা ভাৰতীয় ৰে’লৰ ২০১ ৰেলৰ এখনো পলম হোৱা নাই। ইয়াৰ আগতে যোৱা ২৩ জুন তাৰিখে ৯৯.৫৪ শতাংশ ৰে’ল সময়মতে চলিল আৰু কেৱল এখন ৰেল হে পলম হৈছিল।

উল্লেখ্য যে ভাৰতীয় ৰেল ইংৰাজৰ দিনতে আৰম্ভ হৈছিল ১৮৫৩ চনত। আৰু ইয়াৰ ইতিহাস ১৬৭ বছৰ পুৰণি। যেতিয়াৰ পৰাই ভাৰতীয় ৰেল সেৱা আৰম্ভ হৈছে তেতিয়াৰে পৰা সময়মতে কেতিয়াও উপস্থিত হোৱা নাই।

You might also like