নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ দ্ৰুত সংক্ৰমণঃ পুনৰ উৎসৱ পালনত স্থানীয় প্ৰশাসনে আৰোপ কৰিব পাৰে নিষেধাজ্ঞা!

নিয়মীয়া বাৰ্তা ২৪ মাৰ্চঃ দেশৰ বহুকেইখন ৰাজ্যত ভয়ংকৰভাৱে বাঢ়িছে ক’ভিড সংক্ৰমণৰ ঘটনা। গতিকে এইক্ষেত্ৰত এতিয়া অধিক সাৱধান হৈছে প্ৰশাসন। ক’ৰোনাৰ শেহতীয়া সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী, উত্তৰপ্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশসহ কেইবাখনো ৰাজ্যত হোলী উদযাপনৰ ক্ষেত্ৰত বহু বাধা-নিষেধ আৰোপ কৰা হৈছে।

কৰোনাৰ সংক্ৰমণ চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা পুনৰ বাঢ়িবলৈ আৰম্ভ কৰিছে। ভেকচিনেচনৰ কাম চলি থকাৰ মাজতে আকৌ সংক্ৰমণ বাঢ়ি অহাত চিন্তাত পৰিছে কেন্দ্ৰীয় চৰকাৰ।

ইয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰিছে নিৰ্দেশনা, যাতে আহি থকা ফাঁকুৱা, বিহু, ঈদকে  ধৰি স্থানীয় প্ৰশাসনে নীতি-নিৰ্দেশনা আৰোপ কৰিব পাৰে।

You might also like