হোম কোৱাৰেণ্টাইনত কেজৰিৱাল
নিয়মীয়া বাৰ্তা ৯ জুনঃ মাৰাত্মক ক’ভিড–১৯এ দেশৰ ৰাজধানী দিল্লীত সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে চৰকাৰী হাস্পতালত কেৱল ৰাজ্যখনৰ বাসিন্দাসকলৰে চিকিৎসা হ’ব বুলি কালি মুখ্যমন্ত্রী কেজৰিৱালে ঘোষণা কৰিছিল যদিও সোমবাৰে কেন্দ্রীয়শাসিত ৰাজ্যখনৰ উপ–ৰাজ্যপাল অনিল বাইজালে ইয়াক অগ্রাহ্য কৰিছে৷ কেজৰিৱালৰ সিদ্ধান্তক নাকচ কৰি অনিল বাইজালে সোমবাৰে উল্লেখ কৰিছে যে দেশৰ ৰাজধানী মহানগৰখনৰ হাস্পতালত কোনো ধৰণৰ বৈষম্য নকৰাকৈ সকলো অঞ্চলৰ বাসিন্দাকে চিকিৎসা সেৱা আগবঢ়োৱা হ’ব৷ লক্ষণীয়ভাৱে দিল্লীৰ মুখ্যমন্ত্রীগৰাকী আজি নিজেই শৰীৰত ক’ভিড–১৯ৰ লক্ষণ দেখা দিয়াৰ পাছত আছুতীয়াকৈ থাকিবলৈ লৈছে৷ আছুতীয়া বা কোৱাৰেণ্টাইনত থকাৰ সিদ্ধান্ত লোৱা কেজৰিৱালে জ্বৰ আৰু ডিঙিৰ অস্বস্তিত ভুগিছে৷ আজি মুখ্যমন্ত্রীগৰাকীয়ে ক’ভিড–১৯ৰ পৰীক্ষা কৰাব৷ মাৰাত্মক ক’ভিড–১৯এ দেশৰ ৰাজধানী দিল্লীত সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে চৰকাৰী হাস্পতালত কেৱল ৰাজ্যখনৰ বাসিন্দাসকলৰে চিকিৎসা হ’ব বুলি কালি মুখ্যমন্ত্রী কেজৰিৱালে ঘোষণা কৰিছিল যদিও সোমবাৰে কেন্দ্রীয়শাসিত ৰাজ্যখনৰ উপ–ৰাজ্যপাল অনিল বাইজালে ইয়াক অগ্রাহ্য কৰিছে৷ কেজৰিৱালৰ সিদ্ধান্তক নাকচ কৰি অনিল বাইজালে উল্লেখ কৰিছে যে দেশৰ ৰাজধানী মহানগৰখনৰ হাস্পতালত কোনো ধৰণৰ বৈষম্য নকৰাকৈ সকলো অঞ্চলৰ বাসিন্দাকে চিকিৎসা সেৱা আগবঢ়োৱা হ’ব৷ লক্ষণীয়ভাৱে দিল্লীৰ মুখ্যমন্ত্রীগৰাকী আজি নিজেই শৰীৰত ক’ভিড–১৯ৰ লক্ষণ দেখা দিয়াৰ পাছত আছুতীয়াকৈ থাকিবলৈ লৈছে৷ আছুতীয়া বা কোৱাৰেণ্টাইনত থকাৰ সিদ্ধান্ত লোৱা কেজৰিৱালে জ্বৰ আৰু ডিঙিৰ অস্বস্তিত ভুগিছে৷ কাইলৈ মুখ্যমন্ত্রীগৰাকীয়ে ক’ভিড–১৯ৰ পৰীক্ষা কৰাব৷