মানৱ দেহত কিমান দিনলৈ থাকিব ক’ভিড প্ৰতিৰোধী ক্ষমতা… স্বাস্থ্য মন্ত্ৰালয়ে দিলে তথ্য
নিয়মীয়া বাৰ্তা ৪ ছেপ্টেম্বৰঃ ক’ভিড আক্ৰান্ত হোৱাৰ পিছত মানৱ শৰীৰত কিমান দিনলৈ প্ৰতিৰোধ ক্ষমতা থাকে। এই সন্দৰ্ভত বিভিন্ন গৱেষণা চলি আছে। বিভিন্ন গৱেষণাত বিভিন্ন তথ্য প্ৰকাশ পাইছে। তাৰ মাজতে বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে জনায় যে স্বাস্থ্য মন্ত্ৰালয়ে কৰা বিভিন্ন অধ্যয়নৰ মতে কভিড-১৯ৰ প্ৰতিৰোধ ক্ষমতা ৫ মাহলৈকে বা এবছৰলৈকে থাকে।
লগেত ৰাজেশ ভূষণে কোনো ব্যক্তি যদি ক’ভিডৰ পৰা সুস্থ হৈ উঠিছে তেওঁলোকেও মাস্ক পিন্ধক, সামাজিক দূৰত্ব মানি চলক, লগতে ছেনিটাইজ কৰি থাকিব বুলি পৰামৰ্শ দিছে।
আই.চি.এম. আৰৰ ডাইৰেক্টৰ ড০ বলৰাম ভাৰ্গৱাৰ মতে ক’ৰোনা ভাইৰাছ নতুন ভাইৰাছ। মাত্ৰ ৭-৮ মাহ হৈছেহে। গতিকে এতিয়াই কোৱা টান যে মানৱ শৰীৰত কিমান দিনলৈ ক’ৰোনা প্ৰতিৰোধী ক্ষমতা থাকিব। বিশ্বৰ বহু দেশত ইতিমধ্যে ইয়াকে লৈ গৱেষণা চলি আছে।
আমি জানো যে ইনফ্লুয়েঞ্জা টিকা প্ৰতিবছৰে দিয়া হয়। কাৰণ ইনফ্লুয়েঞ্জা প্ৰতিৰোধৰ ক্ষমতা মাত্ৰ এবছৰলৈ থাকে। গতিকে ক’ভিড প্ৰসংগত প্ৰতিৰোধী ক্ষমতাক লৈ লৈ যথেষ্ট গৱেষণা কৰাৰ প্ৰয়োজন আছে।