নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘৰত কেনেকৈ অক্সিজেন প্ৰস্তুত কৰিব পাৰি?’ সংকটৰ সময়ত Google ৰ সৰণাপন্ন ভাৰতীয়সকল

নিয়মীয়া বাৰ্ত‍া, ২৭ এপ্ৰিলঃ ভাৰতত দ্ৰুত হাৰত বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্রমণ। দেশৰ বিভিন্ন প্রান্তৰ, বিভিন্ন হাস্পতালৰ চিত্র প্রায় একেই। বিচনা নাই, অক্সিজেনৰ বাবে হাহাকাৰ। আৰু এনে এক পৰিস্থিতিতে দেখা গ’ল, Google-ত মানুহে সকলোতকৈ বেছি চার্চ কৰিছে, ‘ঘৰতে কিদৰে অক্সিজেন প্ৰস্তুত কৰা যায়?’

কোনোৱে চার্চ কৰিছে, ‘ঘৰতে কিদৰে অক্সিজেন চিলিণ্ডাৰ বনাব পাৰি?’ অক্সিজেনৰ নাটনি আৰম্ভ হওতেই ভাৰতত Google-ৰ ট্রেন্ডিং বিষয় হৈ উঠেছে, ‘How To Make Oxygen At Home‘।

ইপিনে ঘৰত অক্সিজেন নিৰ্মাণৰ বাবে বিচৰা গুগল ট্ৰেণ্ডবোৰে দেখুৱায় যে সমগ্ৰ দেশতে এতিয়া অক্সিজেনৰ চাহিদা কি। উচ্চতম ন্যায়ালয় আৰু দিল্লী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে কেন্দ্ৰক অক্সিজেন যোগানৰ ওপৰত জৰুৰী পদক্ষেপ ল’বলৈ নিৰ্দেশ দিছিল।

 

You might also like