নৱবর্ষত ৰোমত কৰুণ ঘটনাঃ আতচবাজীৰ শব্দত শ শ পক্ষীৰ প্রাণহানি
নিয়মীয়া বার্তা, ৩ জানুৱাৰীঃ পৰিৱেশ–পাৰিপার্শ্বি ভাৰসাম্য বর্তাই ৰাখিবলৈ বিশ্বজুৰি দিৱস উদযাপন কৰাই নহয়, বিভিন্ন শ্লোগান দি থকা হৈছে৷ কিন্তু মানৱসৃষ্ট কাৰকসমূহে এই প্রচেষ্টাক প্রহসনত পৰিণত কৰি আহিছে৷ এনে এক কৰুণ ঘটনাই বিশ্বজুৰি চর্চিত হৈছে৷ ক’ৰোনাসৃষ্ট জটিল ২০২০ বর্ষক বিদায় জনাই আশাৰ ৰেঙনি কঢ়িওৱাৰ ইংৰাজী নৱবর্ষ ২০২১ উদ্যাপনৰ দিনাই ইটালীৰ ৰাজধানী ৰোমত পৰিৱেশ বিনষ্টৰ এক নিদাৰুণ ঘটনা সংঘটিত হ’ল৷
পৰিৱেশ বিনষ্ট হোৱা বাবেই নৱবর্ষ উদযাপনৰ দিনাই ৰোমৰ ৰাজপথে ৰাজপথে প্রত্যক্ষ কৰা হ’ল মৃত পক্ষী৷ কেইবাশ মৃত পক্ষীৰ দেহ ৰাজপথত পৰি থাকিল৷ নৱবর্ষ উদ্যাপনৰ দিনাই ৰোমবাসীয়ে অত্যধিক ফটকা–আতচবাজীৰ বাবেই ৰাজধানী চহৰখনত কেইবাশ পক্ষীৰ কৰুণ মৃত্যু হ’ল৷ পক্ষীৰ এই মৃত্যুক লৈ প্রাণী সুৰক্ষাৰ আন্তর্জাতিক সংগঠনে উদ্বিগ্ণতা প্রকাশ কৰাই নহয়, উদযাপনৰ নামত অত্যধিক ফটকা–আতচবাজী ফুটোৱা নাগৰিকক গৰিহণা দিছে৷
তথ্য মতে অত্যধিক ফটকা–আতচবাজী ফুটোৱাৰ ফলত নিশা পক্ষীবোৰৰ মাজত হাহাকাৰ পৰিৱেশ সৃষ্টি হয়৷ নিশা জিৰণি লৈ থকা বাহৰ পৰা ওলাই আহি পক্ষীবোৰে য’লৈ–ত’লৈ উৰা মৰাত অ’ত–ত’ত খুন্দা খায়৷ তদুপৰি চহৰখনৰ বৈদ্যুতিক লাইনত খুন্দা খাই পক্ষীবোৰৰ মৃত্যু ঘটে৷
আনহাতে, একাংশ পক্ষী প্রচণ্ডৰ শব্দৰ ভয়ত হূদৰোগত আক্রান্ত হৈ মৃত্যু ঘটে বুলিও প্রাণী সংৰক্ষণৰ আন্তর্জাতিক সংগঠনৰ মুখপাত্র লৰেডানা ডিগলি’লে প্রকাশ কৰিছে৷ উল্লেখ্য যে ৰোমত নিশা ১০ বজাৰ পাছত ক’ৰোনা ভাইৰাছৰ বাবে ফটকা–আতচবাজী নিষিদ্ধ কৰা হৈছিল যদিও প্রশাসনৰ এই নিষেধাজ্ঞাক অংগুষ্ঠ প্রদর্শন কৰি ফটকা ফুটোৱাত কেইবাশ পক্ষীৰ অকাল মৃত্যু ঘটে৷