নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হায়দৰাবাদত ভেকচিন লোৱাৰ এদিন পিছতে স্বাস্থ্যকর্মীৰ মৃত্যু

নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ ঘাতক ক’ভিড–১৯ৰ গণ টিকাকৰণ অভিযান দেশজুৰি অব্যাহত আছে৷ যোৱা ১৬ জানুৱাৰীত আৰম্ভ হোৱা এই গণ টিকাকৰণত বুধবাৰে সন্ধিয়া ৬ বজালৈকে ৭.৮৬ লাখ স্বাস্থ্যকর্মীক ক’ভিড ভেকচিন প্রদান কৰা হৈছে৷ ভেকচিন লোৱাৰ পাছত পার্শ্বক্রিয়া হৈ আক্রান্ত হোৱা লোকৰ সংখ্যা ৫৫৮জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে বুধবাৰে হায়দৰাবাদত এজন স্বাস্থ্যকর্মীৰ মৃত্যু ঘটাত মৃতকৰ সংখ্যা তিনিজনলৈ বৃদ্ধি পাইছে৷ উত্তৰ প্রদেশৰ মোৰাদাবাদ আৰু কর্ণাটকৰ চিকিৎসা কর্মী দুজনৰ ভেকচিন লোৱাৰ দ্বিতীয় দিনা প্রাণ হেৰুওৱাৰ পাছত বুধবাৰে পুনৰ তেলেংগানাৰ হায়দৰাবাদৰ ৪২ বছৰীয়া স্বাস্থ্যকর্মী এজনৰ মৃত্যু ঘটিছে৷ তথ্য মতে, তেলেংগানাৰ নির্মল জিলাৰ কুন্তলা প্রাথমিক স্বাস্থ্যকেন্দ্রত কালি দিনৰ ১১.৩০ বজাত ৪২ বছৰীয়া স্বাস্থ্যকর্মী এজনক ক’ভিড ভেকচিন দিয়া হৈছিল৷ আজি সেই ভেকচিন প্রদান কৰা স্বাস্থ্যকর্মীজনক বিয়লি ৫.৩০ বজাত মৃত অৱস্থাত জিলা হাস্পতাললৈ অনা হয়৷ পৰিয়ালৰ লোকে প্রকাশ কৰা মতে, আজি পুৱতিনিশা ২.৩০ বজাত ভেকচিন লোৱা স্বাস্থ্যকর্মীজনৰ বুকুৰ বিষ আৰম্ভ হৈ পিছলৈ মৃত্যু ঘটে৷

তেলেংগানাৰ জনস্বাস্থ্য আৰু কল্যাণৰ সঞ্চালকে প্রকাশ কৰা মতে, ক’ভিড ভেকচিন লোৱা স্বাস্থ্যকর্মীজনৰ মৃত্যুৰ লগত ভেকচিনৰ কোনো সম্পর্ক নাই৷ অৱশ্যে নির্দেশনা অনুসৰি মৰণোত্তৰ পৰীক্ষাৰ পাছতহে মৃত্যুৰ কাৰণ নিশ্চিত কৰিব পৰা যাব৷ উল্লেখ্য যে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা মতে, আজি সন্ধিয়া ৬ বজালৈকে দেশজুৰি ৭.৮৬ লাখ স্বাস্থ্যকর্মীক ভেকচিন প্রদান কৰা হৈছে৷ প্রথম পর্যায়ত ১ কোটি স্বাস্থ্যকর্মীক এই ভেকচিন প্রদান কৰাৰ লক্ষ্য লোৱা হৈছে৷ মন্ত্রালয়ে প্রকাশ কৰা মতে, ভেকচিন লোৱাৰ পাছত পার্শ্বক্রিয়াৰ প্রভাৱ পৰা লোকৰ সংখ্যা মাত্র ০.১৮ শতাংশ৷ অর্থাৎ দেশজুৰি ক’ভিড ভেকচিন লোৱাৰ পাছত মৃদু পার্শ্বক্রিয়া হোৱা লোকৰ সংখ্যা তেনেই সামান্য৷ তদুপৰি টিকাকৰণৰ পাছত হাস্পতালত ভর্তি কৰিবলগীয়া হোৱা লোকৰ সংখ্যা মাত্র ০.০০২ শতাংশ৷

You might also like