কাৰাগাৰৰ পৰাই নির্বাচন জিকিমঃ মমতা
নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ অহা বর্ষত অনুষ্ঠিত হ’বলগীয়া পশ্চিমবংগ বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি আজি তৃণমূল কংগ্রেছৰ নেত্রী তথা মুখ্যমন্ত্রী মমতা বেনার্জীয়ে বাংকুৰাত বিশাল সমাৱেশ সম্বোধন কৰে৷ কেন্দ্রত শাসনাধিষ্ঠিত বিজেপিক আক্রমণৰ লক্ষ্য কৰি মুখ্যমন্ত্রী বেনার্জীয়ে কয় যে বিজেপিয়ে তেওঁক গ্রেপ্তাৰ কৰিব পাৰে৷ তেওঁ কাৰাগাৰৰ পৰাই নির্বাচনত জয়লাভ কৰিব৷ বিজেপিক দেশৰ বৃহত্তম অভিশাপ বুলি আখ্যা দি মুখ্যমন্ত্রী বেনার্জীয়ে তেওঁক গ্রেপ্তাৰ কৰিবলৈ প্রত্যাহ্বান জনায়৷ ইপিনে, বিজেপিক এটা ৰাজনৈতিক দল নহয় বুলি উল্লেখ কৰি দলটোক মিছা কথাৰ আৱর্জনা বুলি কয় বেনার্জীয়ে৷