নিয়মীয়া বাৰ্তা, ২৭আগষ্ট: ক্রেতাৰ পৰা এটা আইছক্রিমৰ (Ice-cream) বাবে MRP তকৈ ১০ টকা বেছি দাম লৈছিল এখন ৰেস্তোৰাঁই। কিন্তু সেই ১০ টকা বেছি আয় কৰাৰ বাবেই ২ লাখ টকাৰ ক্ষতিপূৰণ দিবলগীয়া হ’ব বুলি সপোনটো ভবা নাছিল ৰেস্তোৰাঁ কৰ্তৃপক্ষই!
উক্ত ঘটনা ৬ বছৰ পূৰ্বৰ। মুম্বাই (Mumbai) চেণ্ট্ৰেলৰ এখন ৰেস্তোৰাঁৰ পৰা আইছক্রিম কিনিছিল মুম্বাই আৰক্ষীৰ উপ পৰিদৰ্শক ভাস্কৰ যাদবে। আইছক্রিমৰ পেকেটোত লিখা আছিল তাৰ মূল্য ১৬৫ টকা। কিন্তু ৰেস্তোৰাঁখনে অতিৰিক্ত লাভ কৰিবলৈ গৈ সেই আইছক্ৰিমটোৰ বিনিময়ত ১৭৫ টকা লয় যাদৱৰ পৰা। আৰু সেই কথাই হ’ল কাল! ক্রেতাৰ পৰা অকাৰণত অধিক টকা সংগ্ৰহৰ অপৰাধত ছবছৰ পাছত শাস্তি লাভ কৰিলে ৰেস্তোৰাঁৰ মালিকে। ১০ টকা বেছি লোৱাৰ বিষয়টো নি ক্রেতা যাদৱে ক্ৰেতা সুৰক্ষা বিভাগত অভিযোগ তৰে। আৰু ইয়াৰ ছবছৰ পাছত ‘সুবিচাৰ’পালে যাদৱে।
ৰেস্তোৰাঁখনৰ বিৰুদ্ধে ২ লাখ টকাৰ জৰিমনা ঘোষণা কৰে ক্রেতা সুৰক্ষা বিভাগে । ,বিগত ২৪ বছৰ ধৰি চলি আছে এই ৰেস্তোৰাঁখন। যদি এনেকৈ দিনৰ পাছত দিন ক্রেতাৰ পৰা ছপা দামৰ বিপৰীতে অতিৰিক্ত টকা লৈ থকা হৈছে। তেন্তে প্রতিদিনে অন্তত ৪০ ৰ পৰা ৫০ হাজাৰ টকা বিনাকাৰণত আয় হৈছে। এই প্রৱণতা দূৰ কৰাৰ বাবে উচিত শিক্ষাৰ প্রয়োজন। আৰু সেই কাৰণেই এক মোটা অংকৰ ২ লাখ টকাৰ জৰিমনা কৰা হয় ৰেস্তোৰাঁখনৰ বিৰুদ্ধে ।