নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ ক’ভাক্সিনলৈ দৃষ্টি বিশ্ব সম্প্রদায়ৰ: আইচিএমআৰ

নিয়মীয়া বাৰ্তা ২৬ ডিচেম্বৰঃ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আইচিএমআৰ)এ আজি উল্লেখ কৰিছে যে ভাৰতত প্রস্তুত হৈ থকা ক’ভিড–১৯ ভেকচিন ‘ক’ভাক্সিন’–এ ইতিমধ্যে আন্তর্জাতিক মহলৰ দৃষ্টি আকর্ষণ কৰিছে৷ ছ’চিয়েল মিডিয়া টুইটাৰত আইচিএমআৰে উল্লেখ কৰিছে যে ভাৰতে নিজাকৈ প্রস্তুত কৰি থকা ক’ভাক্সিন ভেকচিনৰ লক্ষণীয়ভাৱে অধিক কার্যকাৰিতা পোৱা গৈছে৷

স্মর্তব্য যে এই ক’ভাক্সিন ভেকচিন প্রস্তুত কৰি আছে আইচিএমআৰ আৰু ভাৰত বায়’টেকে৷ ক’ভাক্সিন ভেকচিনৰ কার্যকাৰিতা সন্তোষজনক হ’ব বুলি ইতিমধ্যে লেনচেট জার্নালে ভেকচিন প্রস্তুতৰ বিভিন্ন তথ্য প্রকাশ কৰিবলৈ আগ্রহ দেখুওৱা বুলিও আইচিএমআৰে ঘোষণা কৰিছে৷ স্মর্তব্য যে ক’ভাক্সিনৰ প্রথম আৰু দ্বিতীয় পর্যায়ৰ পৰীক্ষাৰ সন্তোষজনক ফলৰ বাবেই দেশৰ ২২টা স্থানত ভেকচিনবিধৰ তৃতীয় পর্যায়ৰ ক্লিনিকেল পৰীক্ষা চলাই থকা হৈছে৷

উল্লেখনীয় যে কালি দিল্লী এইমছে তৃতীয় পর্যায়ৰ পৰীক্ষাৰ বাবে স্বেচ্ছাসেৱকক অংশগ্রহণ কৰিবলৈ এক বিজ্ঞাপন মুকলি কৰিছে৷

You might also like