নিয়মীয়া বাৰ্তা ১৯ ডিচেম্বৰঃ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আইচিএমআৰ)ৰ মুৰব্বী ড০ বলৰাম ভার্গৱ ক’ভিড–১৯ত আক্রান্ত হৈছে৷ আইচিএমআৰৰ মুৰব্বীগৰাকী ক’ভিড পজিটিভ হিচাপে চিহ্ণিত হোৱাৰ পিছতে তেওঁক এইমছত ভর্তি কৰা হৈছে৷
লক্ষণীয়ভাৱে ক’ৰোনা ভাইৰাছ সম্পর্কীয় সকলো বিষয় বলৰাম ভার্গৱৰ নিৰীক্ষণত আছে৷ দেশত ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যাই ৯৯,৭৯,০০০ অতিক্রম কৰাৰ পিছতে আইচিএম আৰৰ মুৰব্বীগৰাকী মহামাৰীত আক্রান্ত হোৱা বিষয়টোক লৈ সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছে।