নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বদলি বিচাৰিলে পত্নীক এৰাতিৰ বাবে পঠিয়াই দিয়ক… আৰু তাৰ পাছত এই ভয়ানক কাণ্ড

বিশেষ বাৰ্তা, ১২ এপ্ৰিলঃ কৰ্মস্থান সলনিৰ বাবে আবেদন কৰিছিল তেওঁ। ইয়াৰ পাছত এটা ৰাতিৰ বাবে তেওঁৰ পত্নীক পঠিয়াবলৈ কৈছিল ‘বছ’এ। সহ্য নহ’ল তেওঁৰ। গাত জুঁই লগাই আত্মঘাতী হ’ল উত্তৰপ্রদেশৰ লখিমপুৰৰ বিদ্যুৎ বিভাগৰ এজন কর্মী। মৃত্যু হোৱা লোকজনৰ পত্নীৰ অভিযোগ এয়া। ৪৫ বছৰ বয়সীয়া গোকুল প্রসাদ আছিল পেছাত উত্তৰপ্রদেশৰ বিদ্যুৎ বিভাগৰ লাইনমেন। কামৰ স্থান দূৰ হোৱাৰ বাবে বদলিৰ আর্জি লৈ প্রায়েই গৈছিল কণিষ্ঠ অভিযন্তা নগেন্দ্র প্রসাদৰ ওচৰত। তাৰ পৰা প্রস্তাৱ আহে ‘বদলি বিচাৰিলে পত্নীক এৰাতিৰ বাবে পঠিয়াই দিয়ক’। পত্নীক উদ্দেশ্যি এনে অসম্মানজনক মন্তব্য মানি ল’ব নোৱাৰি কণিষ্ঠ অভিযন্তাৰ দপ্তৰৰ সম্মুখতেই নিজৰ গাত ডিজেল ঢালি জুঁই লগালে কৰ্মীজনে। প্রাথমিকভাৱে নগেন্দ্র তথা দপ্তৰৰ এজন কেৰাণীক বৰ্খাস্ত কৰা হৈছে। আৰক্ষীয়ে আত্মহত্যাৰ প্রৰোচনাৰ এটি গোচৰ দাখিল কৰিছে।

You might also like