নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লী আৰক্ষীয়ে কৈছে নেকি- কোনো কাশ্মীৰীকে হোটেলত আশ্ৰয় নিদিব…

বিশেষ বাৰ্তা, ২৪ মাৰ্চঃ যি আশংকা কৰা হৈছিল তেনেই যেন হ’বলৈ গৈ আছে দেশত। কাশ্মীৰ ফাইলছ ছবিখনৰ প্ৰভাৱ পৰিছে বাস্তৱত। দিল্লীৰ এখন yoyo হোটেলত কাশ্মীৰী লোক এজনক থাকিবলৈ দিবলৈ অমান্তি হৈছে হোটেল কৰ্তৃপক্ষ। মাননুহজনে yoyoৰ জৰিয়তে হোটেলখনত আগতীয়াকৈ বুকিং কৰিছিল নিজৰ কক্ষ। তেওঁ নিজৰ যাৱতীয় কাগজ-পত্ৰ দেখুওৱাৰ পাছতো থাকিবলৈ দিয়া নহয় বুলি কোৱা দেখা গৈছে ৰিছিপছনিষ্টগৰাকীক। কোনো তাৰিখ উল্লেখ নথকা ভিডিঅ’টো চৌদিশে ভাইৰেল হৈ পৰিছে আৰু নতুন বিবাদৰ সৃষ্টি কৰিছে।

ভিডিঅ’টোত শুনা গৈছে দিল্লী আৰক্ষীয়ে কোনো কাশ্মীৰীকে হোটেলত থাকিবলৈ দিব বাধা দিছে, সেয়ে হোটেল কৰ্তৃপক্ষই তেনে কৰিছে। ইয়াৰ পাছতে দিল্লী আৰক্ষীয়ে এলানি টুইটেৰে তেনে কোনো নিৰ্দেশ দিয়া নাই বুলি স্পষ্টীকৰণ দিবলৈ বাধ্য হৈছে। জম্মু-কাশ্মীৰ ছাত্ৰ সংগঠনৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নাছিৰ খুৱেহামীয়ে এই ভিডিঅ’ আৰু কাহিনী পোহৰলৈ আনিছে।

You might also like