নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰত প্রথম পর্যায়ত ৫২ সহস্রাধিকে ভোট দিব ডাকযোগে

নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰঃ আগন্তুক ২৮ অক্টোবৰৰ পৰা তিনিটা পর্যায়ত হ’বলগীয়া বিহাৰ বিধানসভা নির্বাচনৰ প্রথমটো পর্যায়ত ৫২ সহস্রাধিক ভোটাৰে পোষ্টেল বেলটযোগে ভোটদান কৰিব বিচাৰিছে৷ এই ভোটাৰসকলৰ গৰিষ্ঠসংখ্যকৰ বয়স ৮০ বছৰৰ ঊর্ধ্বত৷ ইয়াৰ উপৰি বিশেষভাৱে সক্ষম ভোটাৰো আছে পোষ্টেল ভোটদান কৰিব বিচৰা নাগৰিকসকলৰ লগত৷ নির্বাচন আয়োগে  এক বিবৃতিত এই কথা সদৰী কৰিছে৷

উল্লেখনীয় যে প্রথম পর্যায়ত ১৬খন জিলাৰ ৭১টা সমষ্টিত অনুষ্ঠিত হ’ব নির্বাচন৷ চাৰি লক্ষাধিক ভোটাৰে বুথ পর্যায়ৰ বিষয়াৰ কার্যালয়ত ইতিমধ্যে আবেদন জনাইছে৷ ইয়াৰে ৫২ সহস্রাধিকে ডাকযোগে ভোটদানত গুৰুত্ব প্রদান কৰাৰ বিপৰীতে অন্য নাগৰিকসকলে সোঁশৰীৰে ভোটকেন্দ্রত উপস্থিত হৈ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বিষয়টোত অগ্রাধিকাৰ দিছে৷ অৱশ্যে এনে ভোটাৰসকলে বিচাৰিছে ক’ভিডকালত বিশেষ নিৰাপত্তা৷

You might also like