নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰত কর্তব্যত গাফিলতি ৩৬২ চিকিৎসকৰ

নিয়মীয়া বাৰ্তা,  ৭ মে’ :  মাৰাত্মক ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰীৰ সংক্রমণৰ সময়ত দেশৰ চিকিৎসকসকলে বিৰামহীন সেৱা আগবঢ়াই থকা সময়তে বিহাৰৰ ৩৬২গৰাকী চৰকাৰী হাস্পতালৰ চিকিৎসকে কর্তব্যৰ পৰা আঁতৰি থকা বিষয়টোক লৈ সৃষ্টি হৈছে প্রতিক্রিয়া৷

শেহতীয়াকৈ নীতিশ কুমাৰ চৰকাৰে এইক্ষেত্রত চলোৱা এক অনুসন্ধানত ধৰা পৰিছে যে ৩৬২গৰাকী চৰকাৰী হাস্পতালৰ চিকিৎসকে ৩১ মার্চৰ পৰা ১২ এপ্রিল পর্যন্ত কর্তব্যৰ পৰা আঁতৰি আছিল৷ যি সময়ত চিকিৎসকসকলক ক’ৰোনা ৰোগীৰ চিকিৎসাৰ বাবে অতিৰিক্ত দায়িত্ব প্রদান কৰা হৈছে, তেনে সময়ত কেনেদৰে এই চিকিৎসকসকলে ১২ দিন ধৰি কর্তব্যৰ পৰা আঁতৰি থাকিবলৈ সক্ষম হ’ল তাক লৈ কাৰণ দর্শোৱাৰ জাননী জাৰি কৰিছে চৰকাৰে৷

ইতিমধ্যে চিকিৎসকসকললৈ জাননী প্রেৰণ কৰি নীতিশ কুমাৰ চৰকাৰে এইক্ষেত্রত কঠোৰ হোৱাৰ ইংগিত দিছে৷

You might also like