নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত বসবাস কৰি থকা হিন্দু–মুছলমানৰ পূর্বজ একে

‘ৰাষ্ট্র প্রথম, ৰাষ্ট্র সর্বোপৰি’ আলোচনা–চক্রত মোহন ভাগৱত

নিয়মীয়া বাৰ্তা ৮ ছেপ্টেম্বৰঃ ভাৰতত বসবাস কৰি থকা হিন্দু আৰু মুছলিমৰ পূর্বপুৰুষ একে৷ ব্রিটিছসকলে বিভ্রান্তিৰে হিন্দু–মুছলিমক বিভাজন কৰিছে৷ –এই মন্তব্য আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ৷ মুম্বাইত অনুষ্ঠিত ‘ৰাষ্ট্র প্রথম, ৰাষ্ট্র সর্বোপৰি’ শীর্ষক আলোচনা–চক্রত ভাগ লৈ আৰ এছ এছৰ মুৰব্বী ভাগৱতে হিন্দু–মুছলিম সন্দর্ভত এই মন্তব্য আগবঢ়ায়৷ দেশৰ হিন্দু–মুছলিমক বিভ্রান্তিৰে ব্রিটিছে বিভক্ত কৰা বুলি উল্লেখ কৰি আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে কয়– ব্রিটিছে মুছলিমসকলক কৈছিল যে হিন্দুৰ সৈতে বসবাস কৰি থাকিলে তেওঁলোকে একোৱেই নাপাব৷ হিন্দুসকল নির্বাচিত হ’ব আৰু তেওঁলোকে এখন পৃথক ৰাষ্ট্রৰ দাবী জনাব৷ তদুপৰি ব্রিটিছসকলে কৈছিল– ভাৰতৰ পৰা ইছলাম নাইকিয়া হৈ যাব৷ ভাৰতত এনেকুৱা হৈছেনে? নাই৷ মুছলিমসকলে সকলো পদবীত অধিষ্ঠিত হ’ব পাৰে৷

ঠিক তেনেদৰে ব্রিটিছসকলে হিন্দুক কৈছিল যে মুছলিমসকল সন্ত্রাসবাদী৷ ব্রিটিছে এনেদৰে হিন্দু আৰু মুছলমানৰ মাজত বিভ্রান্তিমূলক ধাৰণা বিয়পাই দি দুয়ো সম্প্রদায়ৰ মাজত সংঘাতৰ সৃষ্টি কৰিছিল বুলি উল্লেখ কৰি আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে কয়– এনেদৰে দুয়ো সম্প্রদায়ৰ মাজত সংঘাত আৰম্ভ হৈছিল আৰু পৰস্পৰৰ মাজত বিশ্বাস হ্রাস পাইছিল৷ আনকি ইজনে সিজনৰ পৰা দূৰত থাকিবলৈ এক বাতাৱৰণৰ সৃষ্টি কৰিছিল৷ এনে পৰিৱেশ আমি সলনি কৰিব লাগিব৷ আমাৰ দৃষ্টিভংগী সলনি কৰিব লাগিব৷ দুয়ো সম্প্রদায়ে একেলগে মিলি দেশখনক আগবঢ়াই নিব লাগিব৷

আনপিনে হিন্দু শব্দৰ অর্থৰ প্রসংগ টানি আনি আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে কয় যে তেওঁৰ দৃষ্টিত হিন্দু শব্দ হৈছে মাতৃভূমিৰ প্রতীক, ভাৰতীয় সংস্কৃতিৰ পূর্বপুৰুষ আৰু ঐতিহ্য৷ হিন্দু কোনো জাতি অথবা ভাষিক শব্দ নহয়৷ এই নামটো হৈছে বিকাশক গতি দিয়া পৰম্পৰা, প্রকৃতিৰ সকলো ব্যক্তিক আগবঢ়াই নিয়া৷ তেওঁ বিশ্বাস কৰে যে ভাষা, জাতি, বর্ণ, ধর্মই হিন্দু, এই ধাৰণাৰে আমি প্রতিজন ভাৰতীয়ক হিন্দু বুলি বিবেচনা কৰিব পৰা যায়৷ তদুপৰি আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে কয়– আমাৰ মাতৃভূমি আৰু ঐতিহ্যময় পৰম্পৰাৰ আধাৰ হৈছে আমাৰ একতা৷ ভাৰতত বসবাস কৰি থকা হিন্দু আৰু মুছলিমৰ পূর্বপুৰুষ একে৷ আলোচনা–চক্রত অংশ লোৱা মুছলিম পণ্ডিত আৰু বুদ্ধিজীৱীসকলক তেওঁৰ এই ধাৰণাৰ সৈতে একমত হোৱাৰ আহ্বান জনাই আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে কয় যে মুছলিমসকল ভাৰতত দখলদাৰী হিচাপে আহিছিল৷ এয়া ইতিহাস৷ এই ইতিহাস সকলোকে জনোৱাটো আৱশ্যক৷

You might also like