নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডৰ দ্বিতীয় জোৱাৰঃ পঞ্জাবত দশম–দ্বাদশ শ্রেণীৰ পৰীক্ষা পিছুৱালে চৰকাৰে

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ  দেশত ক’ভিড–১৯ মহামাৰীৰ সংক্রমণৰ দ্বিতীয় জোৱাৰ আৰম্ভ হোৱাৰ লগে লগে বিভিন্ন ৰাজ্যত কঠোৰ প্রট’কল মানি চলাৰ সিদ্ধান্ত লোৱা হৈছে৷ শেহতীয়াকৈ ক’ভিড মহামাৰীৰ দ্রুত সংক্রমণ ঘটিছে কেইবাখনো ৰাজ্যত৷ বিগত ২৪ ঘণ্টাত দেশত ক’ভিড মহামাৰীত আক্রান্ত হৈছে ৩৫,৮৭১জন লোক৷ একে সময়ছোৱাত ক’ভিড আক্রান্ত ১৭২গৰাকী লোকে প্রাণ হেৰুৱাইছে৷ উল্লেখনীয় যে ১০২ দিনৰ পিছত এদিনতে সর্বাধিক লোক ক’ভিডত আক্রান্ত হোৱাৰ ঘটনা এইটোৱেই প্রথম৷ লক্ষণীয়ভাৱে মহাৰাষ্ট্রত ক’ভিড মহামাৰীত বিগত ৪৮ ঘণ্টাত ২৩,১৭৯গৰাকী লোক আক্রান্ত হৈছে৷ ৰাজ্যখনত প্রাণ হেৰুৱাইছে ৮৪গৰাকী লোকে৷

মহাৰাষ্ট্রত এতিয়ালৈকে ক’ভিড মহামাৰীত প্রাণ হেৰুওৱা লোকৰ সংখ্যাই ৫৩ হাজাৰ অতিক্রম কৰিছে৷ এই ক’ভিডৰ এই সংক্রমণৰ সংহাৰ পুনৰ আৰম্ভ হোৱাৰ লগে লগে বিভিন্ন ৰাজ্যত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন তথা লকডাউন৷ পঞ্জাবত শেহতীয়াকৈ ক’ভিড সংহাৰৰ প্রতি লক্ষ্য ৰাখিয়েই দশম আৰু দ্বাদশ শ্রেণীৰ ব’ড পৰীক্ষা স্থগিত ৰখা হৈছে৷ ৰাজ্যখনত আগন্তুক এপ্রিল আৰু মে’ মাহতহে দশম আৰু দ্বাদশ শ্রেণীৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে৷

You might also like