নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগত তৃণমূল কংগ্রেছে লাভ কৰিব পাৰে ১৬৪খন আসন, সমীক্ষা

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ আগন্তুক পশ্চিমবংগ বিধানসভা নির্বাচনৰ ওপৰত ৰাজনৈতিক পর্যালোচকসকলে নজৰ দিয়া সময়তে ‘চি’ ভোটাৰে এক সমীক্ষা প্রকাশ কৰিছে৷ বিধানসভা নির্বাচনত কোন দলে কিমান আসন পাব তাক লৈ চি ভোটাৰে দ্বিতীয় পর্যায়ৰ জনমত সমীক্ষা প্রকাশ কৰিছে৷

ৰাজ্যখনত বিধানসভাৰ মুঠ আসন হৈছে ২৯৪৷ ইয়াৰে মেজিক নম্বৰ হৈছে ১৪৮৷ অর্থাৎ চৰকাৰ গঠন কৰিবলৈ ১৪৮খন আসন লাভ কৰিব লাগিব৷ চি ভোটাৰৰ সমীক্ষা অনুসৰি আগন্তুক বিধানসভা নির্বাচনত ১৪৮ৰ পৰা ১৬৪খন আসন লাভ কৰিব পাৰে তৃণমূল কংগ্রেছে৷

বিজেপিয়ে ৯২খনৰ পৰা ১০৮খন আসন ৰাজ্যখনত লাভ কৰাৰ সম্ভাৱনা আছে চি ভোটাৰৰ জনমত সমীক্ষা অনুসৰি৷ ইফালে বাঁওপন্থী দল তথা কংগ্রেছ জোঁটে ৰাজ্যখনৰ নির্বাচনত ৩১ৰ পৰা ৩৯খন আসন পাব বুলি চি ভোটাৰৰ সমীক্ষাত সদৰী হৈছে৷

ইয়াৰ উপৰি অন্য দলসমূহে লাভ কৰিব পাৰে ১ৰ পৰা ৫খন আসন৷ স্মর্তব্য যে এইবাৰ বিধানসভা নির্বাচনত পশ্চিমবংগত বিজেপিয়ে ক্ষমতা দখল কৰিবলৈ সক্ষম হ’ব বুলি ৰাজনৈতিক পর্যালোচকসকলে ধাৰণা কৰি আছে৷

You might also like