আয়কৰ বিভাগৰ জালত মুম্বাইৰ ৮০ বছৰীয়া মহিলা
নিয়মীয়া বাৰ্তা ২০ জুলাইঃ আয়কৰ বিভাগৰ এপেলেট ট্রিবুনেল (আইটিএটি)ৰ মুম্বাই শাখাই চলোৱা এক তদন্তত ছুইছ বেংকত ধন ৰখা এগৰাকী মহিলাক জালত পেলাবলৈ সক্ষম হৈছে৷ ৮০ বছৰীয়া মহিলাগৰাকীৰ মাহিলি উপার্জন মাত্র ১৪ হাজাৰ টকা দেখুৱাইছিল যদিও ছুইছ বেংকৰ একাউণ্টত জমা হৈ আছে মহিলাগৰাকীৰ নামত ১৯৬ কোটি টকা৷ আয়কৰ বিভাগৰ মুম্বাই শাখাই ইতিমধ্যে এই তথ্য পোহৰলৈ অনাৰ লগতে কৰসহ জৰিমনা আদায় দিবলৈ মহিলাগৰাকীক নির্দেশ দিছে৷ উল্লেখনীয় যে ৰেণু থাৰানী নামৰ ৮০ বছৰীয়া মহিলাগৰাকী জেনেভাস্থিত এইচএছবিচিৰ একাউণ্টত এই ধন মজুত আছে৷ লগে লগে মহিলাগৰাকীয়ে কেনেদৰে ছুইছ বেংকত এই বৃহৎ পৰিমাণৰ ধনৰাশি জমা কৰিবলৈ সক্ষম হ’ল তাক লৈ বিভিন্ন মহলত সৃষ্টি হৈছে চাঞ্চল্য৷ ২০০৫–০৬ চনত আয়কৰ প্রদান কৰাৰ সময়ত ছুইছ বেংকত এই বৃহৎ ধনৰাশি জমা হৈ থকাৰ কথা প্রকাশ কৰা নাছিল মহিলাগৰাকীয়ে৷