নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰবার্ট ভদ্রাৰ বাসগৃহত আয়কৰৰ বিষয়ববীয়াৰ দল

নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ বেনামী সম্পত্তিৰ গোচৰ সন্দর্ভত আয়কৰ বিভাগে কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধীৰ স্বামী ৰবার্ট ভদ্রাৰ বক্তব্য ৰেকর্ড কৰিছে৷ আয়কৰ বিভাগৰ এক সূত্রই সংবাদ মাধ্যমক জনোৱা অনুসৰি সংস্থাটোৰ বিষয়ববীয়াৰ এটা দলে ভদ্রাৰ বাসভৱনত উপস্থিত হৈ বেনামী সম্পত্তিৰ গোচৰ সন্দর্ভত ব্যৱসায়ীগৰাকীৰ বক্তব্য লিপিবদ্ধ কৰে৷ আয়কৰ বিভাগৰ উপৰি এনফ’ৰ্চমেণ্ট সঞ্চালকালয় (ইডি)এ ইতিমধ্যে ভদ্রাৰ গোচৰ সন্দর্ভত তদন্ত চলাই আছে৷

লণ্ডনত বেআইনী ধনৰ লেনদেনেৰে সম্পত্তি ক্রয় কৰা গোচৰ সন্দর্ভত ই ডিয়ে ব্যৱসায়ীগৰাকীৰ বিৰুদ্ধে তদন্ত চলাই আছে৷ উল্লেখনীয় যে গোচৰটোত আগতীয়া জামিন লাভ কৰিবলৈ সক্ষম হৈছে ভদ্রা৷ ক’ভিড–১৯ মহামাৰীৰ বাবে তদন্ত প্রক্রিয়াত সহযোগ কৰিব পৰা নাছিল ভদ্রাই৷

You might also like