শীত আৰু প্ৰদূষণে ক’ৰোনাৰ সংক্ৰমণ বৃদ্ধি কৰাৰ আশংকাঃ এইমছৰ সতৰ্কবাণী
নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰঃ ভাৰতত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হৈ আছে। আনহাতে বহু বিশেষজ্ঞই ইতিমধ্যে কৈছে যে ক’ৰোনা ভাইৰাছৰ ঘটনা শীতকালত বৃদ্ধি হোৱাৰ আশংকা আছে। শেহতীয়াকৈ এইমছৰ পৰিচালক ড০ ৰণদীপ গুলাৰিয়ায়ো সতৰ্কবাণী জাৰি কৰিছে যে প্ৰদূষণৰ সামান্য বৃদ্ধিয়েও ক’ৰোনাৰ ঘটনা বৃদ্ধি কৰিব পাৰে।
ড০ গুলেৰিয়াই কয় যে বায়ুত প্ৰলম্বিত কণিকা(PM2.5)ৰ মাত্ৰাৰ সামান্য বৃদ্ধিয়ে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৮-৯ শতাংশ বৃদ্ধি কৰিব পাৰে। বায়ু প্ৰদূষণে হাঁওফাঁও আৰু শ্বাস-প্ৰশ্বাসৰ ৰোগ অধিক বৃদ্ধি কৰে বুলি উল্লেখ কৰি ড০ গুলেৰিয়াই চীন আৰু ইটালীৰ তথ্যৰ প্ৰসংগ টানি আনে।
ড০ গুলেৰিয়াই কয়- ‘বায়ু প্ৰদূষণৰ ফলত হাঁওফাঁওত সমস্যা হয়, ভাৰতৰ যিবোৰ ঠাইত প্ৰদূষণৰ মাত্ৰা অধিক, তাত গুৰুতৰ সংক্ৰমণ হ’ব পাৰে। আনহাতে শীতকালত শ্বাস-প্ৰশ্বাসজনিত ভাইৰাছ সহজে বিয়পে। ইয়াৰ বাবে সাৱধানতা অৱলম্বনৰ লগতে মাস্ক পিন্ধি, সামাজিক দূৰত্বৰ লগতে ক’ভিড প্ৰটোকল অনুসৰণ কৰিব লাগে।’
উল্লেখ্য, ভাৰতৰ কেইখনমান চহৰ বায়ু প্ৰদূষণৰ দিশত বিপজ্জনক স্থিতিত আছে। দিল্লী এখন তেনে চহৰ। বায়ু প্ৰদূষণৰ বাবে দিল্লীত আন্তঃৰাষ্ট্ৰীয় খেল পৰ্যন্ত বাতিল কৰিব লগা হৈছিল।