নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লালকিল্লাত স্বাধীনতা দিৱসৰ পেৰেডত নাথাকে কেডেটছ আৰু শিক্ষাৰ্থী

নিয়মীয়া বাৰ্তা, ১৪ জুলাইঃ ক’ৰোনা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে ইয়াৰ প্ৰভাৱ পৰিব এইবাৰ স্বাধীনতা দিৱসত । এইবাৰ লালকিল্লাত স্বাধীনতা দিৱসৰ পেৰেডত অংশ নলয় কেডেটছ আৰু শিক্ষাৰ্থীয়ে ।

ইপিনে জানিব পৰা মতে, এইবাৰ পূৰ্বৰ তুলনাত কিছু সালসলনি দেখা যাব স্বাধীনতা দিৱসত ।

এক খবৰ অনুসৰি, ১৫ আগষ্টৰ দিনা লালকিল্লাত অনুষ্ঠিত অনুষ্ঠানত ১৫০০ এনে লোকে অংশ ল’ব যিসকলে ক’ৰোনাৰ সৈতে যুঁজত জয়ী হৈছে । ইয়াৰ ভিতৰত ৫০০ স্থানীয় আৰক্ষী আৰু বাকী আনসকল দেশৰ বিভিন্ন স্থানৰ লোকে অংশ গ্ৰহণ কৰিব ।

উল্লেখ্য যে প্ৰতি বছৰে লালকিল্লাত প্ৰধানমন্ত্ৰীৰ ভাষণ শুনিবলৈ ১০ হাজাৰৰো অধিক লোক লালকিল্লাত সমবেত হয় । কিন্তু এইবাৰ পূৰ্বৰ দৰে লালকিল্লাত দেখা নাযাব অধিক লোকৰ সমাবেশ ।

You might also like