নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীন সীমান্তত ভাৰতৰ সামৰিক অনুশীলন–যুদ্ধৰ প্রস্তুতি

চীনা সেনাৰ গতি–বিধি সূক্ষ্ম নিৰীক্ষণেৰে সীমান্তত সষ্টম স্থল–বায়ুসেনা

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ চীনৰ সৈতে সংলগ্ন সীমান্তত বিশেষকৈ এল এ চিত চুবুৰীয়া ৰাষ্ট্রখনৰ যিকোনো দুঃসাহসিক অভিযান ব্যর্থ কৰিবলৈ সীমান্তত সাজু হৈ আছে অত্যাধুনিক অস্ত্র–শস্ত্রৰে ভাৰতীয় সেনা৷ চীনৰ সৈতে এল এ চিত যুদ্ধংদেহি ভাৰতীয় সেনাৰ যুদ্ধৰ অনুশীলন আৰু প্রশিক্ষণৰ ভিডিঅ’ৰ প্রচাৰে এখন যুদ্ধৰ ইংগিত বহন কৰিছে৷

উত্তৰ–পূর্বাঞ্চলৰ অৰুণাচল প্রদেশৰ এল এ চিত ৰঙা চীনৰ সেনাৰ গতিবিধি সূক্ষ্ম নিৰীক্ষণ কৰি থকা ভাৰতীয় সেনাই শত্রুৰ টেংক ধ্বংস কৰাৰ যুদ্ধ অনুশীলন ভিডিঅ’যোগে প্রচাৰ হৈছে আৰু ই ছ’চিয়েল মিডিয়াত আলোড়ন তুলিছে৷ ভিডিঅ’টোত অৰুণাচলৰ ঘন কুঁৱলীৰ মাজত টাৱাং ছেক্টৰত ভাৰতীয় সেনাৰ এণ্টি টেংক স্কোৱাডে শত্রুৰ টেংক ধ্বংস কৰাৰ অনুশীলনৰ লগতে ভাৰতীয় সেনাৰ কঠোৰ প্রশিক্ষণ আৰু অনুশীলন দেখা গৈছে৷

চলিত মাহৰ আৰম্ভতে টাৱাং ছেক্টৰত চীনৰ পি এল এ অনুপ্রৱেশ কৰি ভাৰত ভূমিত প্রৱেশ কৰিবলৈ চেষ্টা কৰোঁতেই ভাৰতীয় সেনাই খেদি পঠিয়ায়৷ এই পৰিস্থিতিৰ পাছতেই এল এ চিত ভাৰতীয় সেনাই ইজৰাইলী হেৰন ড্র’নকে ধৰি অত্যাধুনিক হেলিকপ্টাৰ মোতায়েন কৰি পি এল এৰ গতিবিধি লক্ষ্য কৰি আছে৷

চীনা সেনাৰ গতিবিধি লক্ষ্য কৰি থকাৰ সময়তে ভাৰতীয় সেনাৰ শত্রুৰ টেংক ধ্বংস কৰা যুদ্ধৰ অনুশীলন, কঠোৰ প্রশিক্ষণৰ ভিডি’ প্রচাৰিত হোৱাত চীনৰ বিৰুদ্ধে ভাৰতৰ সমৰসজ্জা স্পষ্ট হৈছে৷ চীনৰ পৰা আহিব পৰা যিকোনো ভাবুকি মোকাবিলা কৰিবলৈ ভাৰতীয় সেনাই চলাই থকা প্রস্তুতি ভিডিঅ’যোগে প্রচাৰ কৰা হৈছে৷ ৫ মাউণ্টেন ডিভিজন জেনেৰেল অফিচাৰ কমাণ্ডিং মেজৰ জেনেৰেল জুবিন মিনৱালাই প্রকাশ কৰা মতে, প্রযুক্তি ব্যৱহাৰ কৰি আমি চীনৰ সেনাৰ গতিবিধি লক্ষ্য কৰি আহিছোঁ৷ স্থলভাগৰ লগতে আকাশমার্গতো চেঞ্চৰ ব্যৱহাৰ কৰা হৈছে৷ ৰাডাৰ নেটৱর্ক আৰু মানৱবিহীন পদ্ধতি ব্যৱহাৰেৰে শত্রু পক্ষৰ সেনাৰ গতিবিধি নিৰীক্ষণ কৰি থকা হৈছে৷

উল্লেখ্য যে অৰুণাচল প্রদেশৰ এল এ চিত পাহাৰৰ উচ্চতাত সেনাই উন্নীত এল ৭০ বিমান বিধ্বংসী বন্দুক মোতায়েন কৰিছে৷ ইয়াৰ উপৰি এম ৭৭৭ হাউটজাৰ আৰু ছুইডেনৰ বফ’ছ গান মোতায়েন কৰা হৈছে৷

You might also like