নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত আক্রান্তৰ সংখ্যা ১৪ লাখ অতিক্রম

নিয়মীয়া বাৰ্তা , ২৭ জুলাই:  ভাৰতকে ধৰি বিশ্বব্যাপী মহামাৰী ক’ভিড–১৯ৰ ভয়াৱহ সংক্রমণ অব্যাহত আছে৷ বিগত তিনি দিন ধৰি ভাৰতত প্রতিদিনে আক্রান্তৰ সংখ্যা ৪৮ সহস্রাধিককৈ বৃদ্ধি পাই আছে৷ দেশত মুঠ আক্রান্তৰ সংখ্যা ১৪ লাখ অতিক্রম কৰিছে৷ তেনেদৰে মৃতকৰ সংখ্যা ৩২ হাজাৰ অতিক্রম কৰিছে৷ নিশা ১০.১৫ বজাত যুুগুতোৱা বাতৰি মতে, দেশত ৪৮ সহস্রাধিক লোক আক্রান্ত হৈছে৷ ইয়াকে লৈ মুঠ আক্রান্তৰ সংখ্যা ১৪.৩৫ লাখলৈ বৃদ্ধি হৈছে৷ আনহাতে আজিৰ দিনটোত ৭০১জন লোকে প্রাণ হেৰুওৱাত মৃতকৰ সংখ্যা ৩২,৮০৯লৈ বৃদ্ধি পাইছে৷ উল্লেখ্য যে দেশত সর্বাধিক আক্রান্ত আৰু মৃতকৰ তালিকাত শীর্ষস্থানত থকা মহাৰাষ্ট্রত আক্রান্তৰ সংখ্যা বর্ধিত হৈয়ে আছে৷ দিনটোত ৯,৪৩১জন লোক নতুনকৈ আক্রান্ত হোৱাত ৰাজ্যখনত মুঠ আক্রান্তৰ সংখ্যা ৩,৭৫,৭৯৯লৈ বৃদ্ধি পাইছে৷ আনহাতে ২৬৭জন লোক মৃত্যুমুখত পৰাত ৰাজ্যখনত মৃতকৰ সংখ্যা ১৩,৬৫৬লৈ বৃদ্ধি হৈছে৷

আক্রান্তৰ তালিকাত দ্বিতীয় স্থানত থকা তামিলনাডুত আজি নতুনকৈ ৬,৯৮৬জন লোক আক্রান্ত হোৱাত মুঠ আক্রান্তৰ সংখ্যা ২,১৩,৭২৩লৈ বৃদ্ধি পাইছে৷ তেনেদৰে ৮৫জন লোকৰ মৃত্যু ঘটাত ৰাজ্যখনত মৃতকৰ সংখ্যা ৩,৪৯৪লৈ বৃদ্ধি পাইছে৷ আক্রান্তৰ তৃতীয় স্থানত থকা দেশৰ ৰাজধানী দিল্লীত ১০৭৫জন আক্রান্ত হোৱাত মুঠ আক্রান্তৰ সংখ্যা ১,৩০,৬০৬জনলৈ বৃদ্ধি পাইছে৷ নতুনকৈ ২১জন লোকে প্রাণ হেৰুওৱাত মৃতকৰ সংখ্যা ৩,৮২৭লৈ বৃদ্ধি পাইছে৷ তাৎপর্যপূর্ণ যে আজি অন্ধ্রপ্রদেশত ৭,৬২৭জন লোক নতুনকৈ আক্রান্ত হোৱাত ৰাজ্যখনত আক্রান্তৰ সংখ্যা ৯৬,২৯৮লৈ বৃদ্ধি পাইছে৷ তেনেদৰে উত্তৰ প্রদেশতো ৩,২৪৬জন আক্রান্ত হোৱাত আক্রান্তৰ সংখ্যা ৬৬,৯৮৮লৈ বৃদ্ধি পাইছে৷

দেশৰ আন ৰাজ্যসমূহতো মহামাৰী ক’ভিড–১৯ৰ সংক্রমণ ভয়াৱহ হাৰত বর্ধিত হৈ আছে৷ ইপিনে বিশ্বজুৰি আক্রান্তৰ সংখ্যা প্রতিদিনে লক্ষাধিক হৈ আছে৷ বিশ্বৰ মুঠ আক্রান্ত ১.৬৩ কোটি অতিক্রম কৰিছে৷ তেনেদৰে মৃতকৰ সংখ্যা ৬.৫০লক্ষাধিক৷ বিশ্বৰ সর্বাধিক আক্রান্ত আৰু মৃতকৰ তালিকাত শীর্ষস্থানত থকা আমেৰিকাত আক্রান্তৰ সংখ্যা ৪৩ লাখ অতিক্রম কৰাৰ বিপৰীতে মৃতকৰ সংখ্যা ১.৫০ লাখ স্পর্শ কৰিছে৷ দ্বিতীয় স্থানত থকা ব্রাজিলত আক্রান্তৰ সংখ্যা ২৪ লাখ অতিক্রম কৰাৰ দিশে আগবঢ়াৰ বিপৰীতে মৃতকৰ সংখ্যা প্রায় ৫৭ হাজাৰ৷

You might also like