নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসঃ লালকিল্লাত ত্রিৰংগা উৰুৱালে প্রধানমন্ত্রীয়ে

নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ ক’ৰোনাসৃষ্ট পৰিস্থিতিৰ মাজতে আজি দেশে উদযাপন কৰিছে ৭৫সংখ্যক স্বাধীনতা দিৱস৷ দেশৰ ৰাজধানী নতুন দিল্লীত কেন্দ্রীয়ভাৱে উদযাপন হৈছে স্বাধীনতা দিৱস৷

অভেদ্য দুর্গত পৰিণত ৰাজধানী দিল্লীৰ ঐতিহাসিক লালকিল্লাত ত্রিৰংগা উত্তোলন কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ক’ভিড–১৯ প্রট’কল মানি উদযাপন কৰা ৭৫সংখ্যক স্বাধীনতা দিৱসৰ কার্যসূচী পূর্বৰ তুলনাত সীমিত কৰা হৈছে৷

অৱশ্যে নিৰাপত্তা পূর্বৰ তুলনাত অধিক বৃদ্ধি কৰিছে৷ কেইবাতৰপীয়া নিৰাপত্তাৰ মাজত আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পুৱা জাতীয় পতাকা উত্তোলনৰ পাছত দেশবাসীক সম্বোধন কৰে৷

ঐতিহাসিক লালকিল্লাত কেইবাতৰপীয়া নিৰাপত্তা ব্যৱস্থা বিশেষকৈ এন এছ জি স্নিপাৰ, শ্বাট কমাণ্ডো, কাইট কেটছাৰ, কেনাইন ইউনিট আৰু ওখ অট্টালিকাসমূহত শ্বার্প শ্বুটাৰ মোতায়েন কৰা হৈছে৷ মোগলৰ শাসন কালৰ ঐতিহাসিক লালকিল্লাত আজি সকলো কার্যসূচী ক’ভিড প্রট’কল মানি পালন কৰা হ’ব৷

সামাজিক দূৰত্ব বর্তাই ৰখাৰ বাবে ৫০০০তকৈ অধিক নিৰাপত্তা বাহিনীৰ জোৱান মোতায়েন কৰা হৈছে৷ আনহাতে, জম্মু–কাশ্মীৰৰ পাকিস্তানী সন্ত্রাসবাদীয়ে ড্র’নেৰে আক্রমণ কৰাৰ প্রতি লক্ষ্য ৰাখি ড্র’ন বিধ্বংসী ব্যৱস্থা লালকিল্লাত মোতায়েন কৰা হৈছে৷ এইবেলি স্বাধীনতা দিৱসৰ কার্যসূচীত বিশেষ অতিথি হিচাপে অংশগ্রহণ কৰে অলিম্পিক পদক বিজয়ী ভাৰতীয় খেলুৱৈয়ে৷ নিৰাপত্তাৰ বাবেই ঐতিহাসিক লালকিল্লাত প্রধানমন্ত্রী মোদীয়ে ভাষণ দি থকা অৱস্থাত অঞ্চলটোৰ দূৰৰ পৰা প্রত্যক্ষ কৰিব নোৱাৰাকৈ বিশাল তোৰণ দিয়া হৈছে৷

অভেদ্য দুর্গত পৰিণত লালকিল্লাৰ ৭০খনত অধিক আৰক্ষী বাহন, পি চি আৰ ভেন, প্রখৰ ভেন আৰু কিইউআৰটি ভেন মোতায়েন কৰা হৈছে৷ ইয়াৰ উপৰি আৰক্ষীৰ টহলৰ বাবে কেইবাখনো মটৰচাইকেল মজুত ৰখা হৈছে৷ তেনেদৰে যমুনা নদীত মটৰ ব’টেৰে পেট্র’লিং কৰি থাকিব দিল্লী আৰক্ষীয়ে৷

মন কৰিবলগীয়া যে দিল্লী সীমান্তত তিনি কৃষি আইন বাতিলৰ দাবীত আন্দোলন চলাই থকা প্রতিবাদী কৃষকৰ প্রতি লক্ষ্য ৰাখি সীমান্তত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে৷ সমগ্র লালকিল্লাক সাঙুৰি লৈ ৩৫০তকৈ অধিক কেমেৰা স্থাপন কৰা হৈছে৷ এই কেমেৰাৰ জৰিয়তে দুটা আৰক্ষী নিয়ন্ত্রণ কক্ষই অহৰহ লালকিল্লাৰ পৰিৱেশ নিৰীক্ষণ কৰি থাকিব৷ বিগত বর্ষৰ দৰেই স্বাধীনতা দিৱসৰ কার্যসূচীত জনতাৰ সমাগম সংৰক্ষিত কৰা হৈছে৷ এইবেলি এই দিৱসৰ থীম হৈছে ‘নেচন ফার্ষ্ট, অলৱেজ ফার্ষ্ট’ অর্থাৎ ‘দেশ প্রথম, সদায় প্রথম’

You might also like