নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘‌ব্যৱসায়ীৰ আইনী অধিকাৰ খর্ব কৰিছে ভাৰতে’‌, এপ নিষেধাজ্ঞাত প্রতিক্রিয়া বেইজিঙৰ

নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ বিগত বুধবাৰে চীনৰ (China) উপৰত দ্বিতীয়টো ডিজিটেল ষ্ট্ৰাইক ভাৰতৰ!‌ চীনৰ সংস্থা যুক্ত হৈ থকা ১১৮ টা এপ্লিকেশ্যন নিষিদ্ধ কৰে ভাৰতে। যাৰ ভিতৰত আছে দেশৰ অন্যতম জনপ্রিয় অনলাইন গেম PUBG‌ও। পুনৰবাৰ এই প্রসংগ তীব্র প্রতিক্রিয়া জনাইছে বেইজিঙে (Beijing)।

মোদী চৰকাৰৰ এই পদক্ষেপৰ বিৰোধিতা কৰি বিবৃতি দিলে চীনৰ বাণিজ্যমন্ত্রীয়ে। এই সিদ্ধান্ত চীনৰ ব্যৱসায়ীসকলৰ আইনী অধিকাৰ খর্ব কৰিছে। লগতে ভাৰতৰ এই সিদ্ধান্তক পুনৰবাৰ বিবেচনা কৰাৰো আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে।

বৃহস্পতিবাৰে চীনৰ বাণিজ্যমন্ত্রীৰ মুখপাত্র গাও ফেঙে কয়, ‘‌‘‌ভাৰতৰ এই পদক্ষেপ চীনৰ ব্যৱসায়ী, বিনিয়োগকাৰী আৰু পৰিসেৱা প্রদানকাৰী সংস্থাসমূহৰ আইনী অধিকাৰ খর্ব কৰিছে।’‌’ কেৱল এয়াই নহয়,‌ এপ নিষিদ্ধ কৰি ভাৰতে ভুল কৰা বুলিও জনাই তেওঁ।

You might also like