নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমীক্ষাঃ দেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী গৰাকী কোন, কেইজন বিজেপি আৰু কংগ্ৰেছী মুখ্যমন্ত্ৰী আছে এই তালিকাত…

নিয়মীয়া বাৰ্তা ৮ আগষ্টঃ দেশৰ ভিতৰত জনপ্ৰিয় মুখ্যমন্ত্ৰী কোন? এই সন্দৰ্ভত আলোচনী ইণ্ডিয়া টুডে আৰু কাৰ্বীয়ে মুড অফ নেশ্বন নামেৰে এক সমীক্ষা চলাইছিল। এই সমীক্ষাত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে সকলোতকৈ বেছি ২৪ শতাংশ ভোট লাভ কৰিছে। এইটো সমীক্ষা এনে সময়ত হৈছে যিটো সময়ত উত্তৰ প্ৰদেশৰ কানপুৰৰ এনকাউণ্টাৰ আৰু অপহৰণক লৈ সৰৱ চৰ্চা হৈছিল। সেই সকলো বিতৰ্কক নেওচি জনপ্ৰিয়তাৰ শীৰ্ষত যোগী আদিত্য নাথে প্ৰথম স্থান লাভ কৰিছে।

উল্লেখ্য যে এই সমীক্ষাত সাত জন জনপ্ৰিয় মুখ্যমন্ত্ৰী নিৰ্বাচিত হৈছে। ইয়াৰে ৬ জন মুখ্যমন্ত্ৰী অ-বিজেপি আৰু অ-কংগ্ৰেছী। যোগী আদিত্যনাথৰ পিছতেই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল দ্বিতীয় স্থানত আছে। আনহাতে অন্ধপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগন ৰেড্ডী তৃতীয় স্থান লাভ কৰিছে। আনহাতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ষষ্ঠ স্থান আৰু সপ্তম স্থানত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে নিৰ্বাচিত হৈছে। আনহাতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী পঞ্চম জনপ্ৰিয় মুখ্যমন্ত্ৰী।

You might also like