নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত আক্রান্তৰ বিপৰীতে সুস্থ হৈ উঠিছে ডেৰগুণ পজিটিভ ৰোগী

ভাৰতৰ মুঠ জনসংখ্যাৰ ১.৮ শতাংশ ক’ৰোনাত আক্রান্ত

নিয়মীয়া বাৰ্তা ১৯ মেঃ দেশত ক্রমাৎ হ্রাস পাইছে ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা, বর্ধিত হৈছে মৃতকৰ সংখ্যা৷ তেনেদৰে আক্রান্তৰ বিপৰীতে সুস্থ হোৱা লোকৰ সংখ্যা দিনে দিনে বৃদ্ধি পাইছে৷ যোৱা ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যা ২.৬৩ লক্ষাধিক হোৱাৰ বিপৰীতে মৃত্যু ঘটিছে ৪,৩২৯জনৰ৷ বিগত কেইবাদিন ধৰি ধাৰাবাহিকভাৱে ৪ সহস্রাধিক লোকে প্রাণ হেৰুৱাই থকাৰ পিছত যোৱা ২৪ ঘণ্টাত এদিনত সর্বাধিক আক্রান্তৰে নতুন অভিলেখ সৃষ্টি হ’ল৷ যোৱা ২৪ ঘণ্টাত দেশত প্রাণহানি হৈছে ৪,৩২৯জনৰ৷ ইয়াকে লৈ দেশজুৰি মৃতকৰ সংখ্যা ২,৭৮,৭১৯জনলৈ বৃদ্ধি পালে৷ ইপিনে, যোৱা ২৪ ঘণ্টাত ২,৬৩,৫৩৩জন লোক আক্রান্ত হোৱাত দেশজুৰি আক্রান্তৰ সংখ্যা ২,৫২,২৮,৯৯৬জনলৈ বৃদ্ধি পাইছে৷ অর্থাৎ দেশত আক্রান্তৰ সংখ্যাই আঢ়ৈ কোটি অতিক্রম কৰিলে৷

ইপিনে, যোৱা ২৪ ঘণ্টাত আক্রান্তৰ বিপৰীতে সুস্থ হৈ উঠা লোকৰ সংখ্যা প্রায় ডেৰ গুণ৷ যোৱা ২৪ ঘণ্টাত দেশজুৰি সুস্থ হৈ উঠিছে ৪,২২,৪৯৩জন৷ প্রথমবাৰলৈ দেশত এদিনত চাৰি লক্ষাধিক লোক সুস্থ হৈছে৷ ইয়াকে লৈ দেশজুৰি সুস্থ হোৱা লোকৰ সংখ্যা ২,১৫,৯৬,৫১২জনলৈ বৃদ্ধি পাইছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা এই তথ্যত বর্তমান দেশত চিকিৎসাধীন হৈ থকা ক’ভিড ৰোগীৰ সংখ্যা ৩৩,৫৩,৭৬৫জন৷ উল্লেখ্য যে দেওবাৰেও আক্রান্তৰ বিপৰীতে সুস্থ হোৱা লোকৰ সংখ্যা অধিক আছিল৷ ইপিনে, কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা তথ্য অনুসৰি দেশৰ মুঠ জনসংখ্যাৰ ১.৮ শতাংশ লোক এতিয়ালৈকে ঘাতক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ অর্থাৎ এতিয়াও ২ শতাংশ লোকে আক্রান্ত হোৱা নাই৷ এনে পৰিপ্রেক্ষিতত মুঠ জনসংখ্যাৰ ৯৮ শতাংশ লোক এতিয়াও বিপজ্জনক পৰিস্থিতিতে আছে৷ এই লোকসকলে ক’ভিড–১৯ক লৈ অধিক সজাগ আৰু সতর্ক হ’ব লাগিব বুলিও স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰিছে৷ দেশজুৰি সুস্থৰ হাৰ ৮৫.৬০ শতাংশৰ বিপৰীতে মৃতকৰ হাৰ ১.১০ শতাংশ৷

মন কৰিবলগীয়া যে দেশজুৰি চলি থকা ক’ভিড–১৯ টিকাকৰণ অভিযানত কাইলৈকে ১৮ কোটিৰ অধিক লোকক ক’ভিড–১৯ ভেকচিন প্রদান কৰা হৈছে৷ ইপিনে, ক’ভিড–১৯ত আক্রান্ত হৈ ভাৰতীয় চিকিৎসা সংস্থাৰ (আই এম এ) প্রাক্তন মুৰব্বী তথা প্রসিদ্ধ চিকিৎসক ডাঃ কে কে আগৰৱালাৰ দিল্লী এইম্ছত মৃত্যু ঘটিছে৷ ৬২ বছৰীয়া পদ্মশ্রী সন্মান বিজয়ী ডাঃ আগৰৱাল বিগত কেইবাদিন ধৰি এইম্ছত ভেণ্টিলেটৰৰ সমর্থনত থকাৰ পিছত যোৱানিশা মৃত্যু ঘটে৷ তাৎপর্যপূর্ণ যে চিকিৎসক আগৰৱালে ভেকচিনৰ দুটা ড’জেই লৈছিল৷ প্রবীণ বিজেপি নেতা তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী চমনলাল গুপ্তাৰ গান্ধীনগৰৰ বাসগৃহত ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যু ঘটিছে৷

যোৱা ৫ মে’ত ক’ভিড–১৯ত আক্রান্ত হোৱা প্রাক্তন কেন্দ্রীয় মন্ত্রীগৰাকীক নাৰায়ণা হাস্পতালত ভর্তি কৰোৱা হৈছিল আৰু ইয়াতে নিগেটিভ হৈ ঘৰলৈ উভতি যোৱাৰ পিছত ক’ভিডোত্তৰ সমস্যাত মৃত্যু ঘটে৷ আনপিনে, প্রখ্যাত তামিল লেখক–ঔপন্যাসিক কে ৰাজানাৰায়ণৰ পুডুচেৰীত ক’ভিডত আক্রান্ত হৈ মৃত্যু ঘটিছে৷ সাহিত্য অকাডেমি বঁটা বিজয়ী কে ৰাজানাৰায়ণন বার্ধক্যজনিত ৰোগৰ লগতে ক’ভিডত আক্রান্ত হোৱাৰ ফলত ৯৮ বছৰ বয়সত সোমবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে৷ ইপিনে, ভাৰতত প্রথমে চিনাক্ত দুটা ক’ৰোনা ভাইৰাছৰ প্রকৰণৰ বিৰুদ্ধে অধিক ফলপ্রসূ ফাইজাৰ আৰু মডার্নাৰ ক’ভিড ভেকচিন৷ আমেৰিকা যুক্তৰাষ্ট্রৰ বিজ্ঞানীৰ দ্বাৰা চলোৱা নতুন গৱেষণাত ভাৰতত প্রথমে চিনাক্ত হোৱা দুটা ক’ৰোনা ভাইৰাছৰ প্রকৰণক প্রতিৰোধ কৰাৰ ক্ষেত্রত ফাইজাৰ আৰু মডার্নাৰ ভেকচিন অধিক ফলপ্রসূ বুলি তথ্য প্রকাশ

You might also like