নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত পুনৰ ক’ৰোনাৰ গ্রাফ ঊর্ধ্বমুখী! দৈনিক সংক্ৰমিত প্ৰায় ১৪ হাজাৰ

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ  দেশৰ ক’ৰোনা সংক্ৰমণক লৈ নতুনকৈ উদ্বেগ বাঢ়িছে। দেশৰ দৈনিক সংক্ৰমণ নিৰন্তৰভাৱে বাঢ়ি আহিছে। উদ্ধৱ ঠাকৰেৰ ৰাজ্যই এতিয়াও সংক্ৰমণ নিয়ন্ত্ৰণ কৰিব পৰা নাই যদিও প্ৰায় ৫ খন জিলাত নতুনকৈ লকডাউনৰ কথা চিন্তা কৰি থকা হৈছে। যাৰ বাবে দেশত ক’ৰোনাৰ পৰিসংখ্যা নতুনকৈ ঊর্ধ্বমুখী হোৱা আৰম্ভ কৰিছে। বিগত কেইদিনমান ধৰি দেশৰ দৈনিক ক’ৰোনা সংক্ৰমণ বাঢ়ি আহিছে। শনিবাৰেও ৰাতিপুৱা এই প্ৰৱণতা অব্যাহত আছিল।

শনিবাৰে পুৱা স্বাস্থ্য আৰু পৰিয়ালকল্যাণ মন্ত্রণালয়ে (Ministry of Health and Family Welfare) দিয়া পৰিসংখ্যাত প্ৰকাশ পাইছে যে, বিগত ২৪ ঘণ্টাত দেশৰ ক’ৰোনা আক্রান্ত হৈছে ১৩ হাজাৰ ৯৯৩ জন। যি পূৰ্বৰ দিনতকৈ বেছি। দেশত সংক্ৰমিত হোৱাৰ মুঠ সংখ্যা হৈছে ১ কোটি ৯ লাখ ৭৭ হাজাৰ ৩৮৭ জন।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা পৰিসংখ্যা অনুসৰি, বৰ্তমান মুঠ মৃত্যুৰ সংখ্যা হৈছে ১,৫৬,২১২ জন। ইয়াৰে যোৱা ২৪ ঘণ্টাত ১০১ জন লোকৰ মৃত্যু হৈছে। এই সংখ্যাটো আগৰ দিনতকৈ অলপ বেছি। যোৱা ২৪ ঘণ্টাত মহাৰাষ্ট্ৰত ৫ হাজাৰৰো অধিক লোক আক্ৰান্ত হৈছে। ৪৪ জন লোকৰ মৃত্যু হৈছিল।

You might also like