নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাছিয়া–ইউক্রেইন যুদ্ধৰ মাজতে ব্রাহ্মছ ক্রুইজ মিছাইলৰ পৰীক্ষণ ভাৰতৰ

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ বিশ্ব সমুদায়ক শংকিত কৰি চলি থকা ৰাছিয়া–ইউক্রেইনৰ যুদ্ধৰ মাজতে উত্তৰ কোৰিয়াই সাগৰত গোপনে বেলিষ্টিক মিছাইলৰ সফল পৰীক্ষণ কৰে৷ ইপিনে, ভাৰতৰ নৌ–বাহিনীয়েও শনিবাৰে ব্রাহ্মছ ক্রুইজ মিছাইলৰ নতুন সংস্কৰণৰ সফল পৰীক্ষণ কৰে৷ বিশ্ব সমুদায়ক আওকাণ কৰি বেলিষ্টিক মিছাইলৰ পৰীক্ষণ চলাই থকা উত্তৰ কোৰিয়াৰ শাসক কিম জং উনে ৰাছিয়া আৰু ইউক্রেইনৰ মাজত অব্যাহত যুদ্ধৰ সময়তে সন্দেহজনক বেলিষ্টিক মিছাইল সাগৰত পৰীক্ষণ কৰা বুলি দক্ষিণ কোৰিয়াই দাবী কৰিছে৷ উত্তৰ কোৰিয়াৰ ৰাজধানী পিংয়ঙৰ সমীপৰ এক সাগৰীয় অঞ্চলত বেলিষ্টিক মিছাইলৰ পৰীক্ষণ কৰাৰ তথ্য দক্ষিণ কোৰিয়াৰ সেনাবাহিনীৰ মুৰব্বীয়ে জানিব পাৰিছে বুলি সংবাদ মাধ্যমত প্রকাশ পাইছে৷ সাগৰত পৰীক্ষণ চলোৱাৰ পাছতে জাপানৰ প্রতিৰক্ষা মন্ত্রালয়েও এই সন্দর্ভত তথ্য লাভ কৰা বুলি প্রকাশ পাইছে৷

উল্লেখ্য যে ২০২২ চনৰ সাগৰত গোপনে বেলিষ্টিক মিছাইলৰ পৰীক্ষণটো হৈছে নৱমটো অভিযান৷ আনপিনে আজি ভাৰতীয় নৌ–বাহিনীক অধিক শক্তিশালীকৰণে ব্রাহ্মছ ক্রুইজ মিছাইলৰ দীর্ঘ দূৰত্বৰ নতুন সংস্কৰণৰ সফল পৰীক্ষণ কৰা বুলি নৌ–বাহিনীয়ে টুইটাৰযোগে প্রচাৰ কৰিছে৷ দীর্ঘদূৰত্বৰ এই নতুন সংস্কৰণৰ ব্রাহ্মছ ক্রুইজ মিছাইলে সঠিক লক্ষ্যত আঘাত কৰিব পাৰে৷ যুদ্ধৰ সময়ত এই মিছাইলে শত্রু পক্ষক আঘাত কৰাৰ বাবে ই অধিক প্রয়োজনীয় অস্ত্র হিচাপে ব্যৱহাৰ কৰা হ’ব বুলিও নৌ–বাহিনীয়ে প্রকাশ কৰিছে৷ সাগৰৰ পৰা দীর্ঘ দূৰত্বলৈকে এই মিছাইল নিক্ষেপ কৰিব পৰা ক্ষমতা আছে৷ গুৰুত্বপূর্ণ যে ব্রাহ্মছ ক্রুইজ মিছাইল সম্পূর্ণভাৱে দেশীয় প্রযুক্তিৰে নির্মিত৷ আত্মনির্ভৰশীল ভাৰত আৰু মেক ইন ইণ্ডিয়াক আগবঢ়াই নিয়াৰ ক্ষেত্রত এই মিছাইলে বাট মুকলি কৰিছে৷ উল্লেখ্য যে ইয়াৰ পূর্বে ব্রাহ্মছ ছুপাৰছনিক ক্রুইজ মিছাইলৰ নতুন সংস্কৰণ এটা জানুৱাৰীত ওড়িশাৰ বালাসৰত সফল পৰীক্ষণ চলোৱা হৈছিল৷

You might also like