নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানুহে জীৱনত অধিক কি বিচাৰে, প্ৰেম নে ধন ?

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ অলপতে অসমত এটা ভিডিঅ’ প্ৰচাৰ হৈছিল । বহুলোকে ভিডিঅ’টো শ্বেয়াৰ কৰিছিল । ভিডিঅ’টোত অসমীয়া গীতৰ ভিডিঅ’ সংযোজন কৰি চাকৰি পোৱাৰ পিছত  আৰু চাকৰি নোপোৱাৰ সময়ত দুগৰাকী যুৱতীৰ মুখত গীত কেইটা দেখুৱাই ভিডিঅ’ত উপস্থাপন কৰা হৈছিল ।

চাকৰি নোপোৱাৰ সময়ত দেখুৱাইছিল তলত উল্লেখ কৰা গীতটোৰ জৰিয়তে –

“ভাল পালে কি হ’ব, এৰিবই যে লাগিব । আশা কৰি কি হ’ব ,পাহৰিবইটো লাগিব ।”

চাকৰি পোৱাৰ পিছত দেখুৱাইছিল – 
“কিয় বাৰু এৰিম ,তোক দিনে নিশাই পেৰিম ,সহজতে নেৰিম”

এই দুটা গীতৰ ভিডিঅ’ৰ উদাহৰণ এইবাবেই দিয়া হ’ল যে – বাতৰিৰ সমীক্ষাৰ সৈতে এই ভিডিঅ’ত বুজাব বিচৰাৰ কথাখিনিৰ মিল আছে । এতিয়া কথা হ’ল – প্ৰেম ডাঙৰ নে টকা ডাঙৰ ।

এক অধ্যয়নে বহু লোকৰ সৈতে এই সম্পৰ্কে কথা পাতিছিল । কথা পাতি জানিব পাৰিছিল যে – ৭৩ শতাংশ আৰ্থিকভাবে সবল লোক বৈবাহিক জীৱন সুখেৰে যাপন কৰিছে । ৫৯ শতাংশ লোকে কৈছিল যে- প্ৰেম তেওঁলোকৰ বাবে ধনতকৈ অধিক মূল্যবান। ৭৫ শতাংশ লোকে কৈছিল -প্ৰমতকৈ টকাৰ লেনদেন কৰাটো বহু কঠিন। ৩৭ শতাংশ লোকে কৈছিল – সুখী বৈবাহিক জীৱনৰ বাবে তেওঁলোকে সকলো ত্যাগ কৰিব পাৰে ।

কিন্তু অধ্যয়নত কোৱা হৈছে যে মুখত প্ৰেমৰ কথা কলেও কামৰ ক্ষেত্ৰত মানুহৰ বাবে ধনো গুৰুত্বপূৰ্ণ । কিন্তু ৬০ শতাংশ লোকে অৰ্থনৈতিকভাবে সমৃদ্ধ লোকৰ সৈতে প্ৰেম কৰিবলৈ ভাল পায় ।

You might also like