বাঢ়িব ধৰিছে ৰোগী… ভাৰতত আৰম্ভ হৈছে ক’ৰোনাৰ ছেকেণ্ড ৱেভঃ এইমছৰ সঞ্চালক
নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ ক’ৰোনাৰ আতংক মানুহৰ মানসিকতাৰ পৰা লাহে লাহে আঁতৰি গৈছে, কিন্তু সত্য এয়া যে পূৰ্বতকৈ বৃদ্ধি হৈ আছে ক’ৰোনাক্ৰান্তৰ সংখ্যা। আনহাতে এতিয়াও জানিবলৈ বাকী আছে ক’ৰোনাৰ শীতকালীন আক্ৰমণৰ চোক কেনে হ’ব পাৰে ভাৰতত।
এনে এক সময়তে অল ইন্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েঞ্চেছ চমুকৈ এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই শুনাইছে এক সাৱধানবাণী। কালি সঞ্চালকগৰাকীয়ে ক’ৰোনাৰ দ্বিতীয় প্ৰৱাহ আৰম্ভ হোৱাৰ কথা ঘোষণা কৰে। তেওঁ পৰৱৰ্তী আৰু কেইবামাহলৈ ক’ৰোনাক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব বুলি আশংকা প্ৰকাশ কৰে।
ডাঃ গুলেৰিয়াই কয় যে ২০২১লৈ ক’ৰোনাৰ প্ৰকোপ কমিব বা এই ভাইৰাছৰ প্ৰভাৱ নাথাকিব আদিধৰণৰ কথা ভবাৰ কোনো যুক্তি নাই। কিয়নো বৰ্তমানৰ দ্ৰুতগতিত বৃদ্ধি পাই থকা পৰিসংখ্যাই এনে ভৱিষ্যতৰ ইংগিত বহন নকৰে। ক’ৰোনাৰ বৰ্ধিত পৰিসংখ্যা হয়তো ছেকেণ্ড ৱেভ বা দ্বিতীয় প্ৰৱাহৰ প্ৰাথমিক পৰ্যায়ৰ ইংগিত।
উল্লেখ্য ভাৰতত বৰ্তমান ক’ৰোনাক্ৰান্তৰ সংখ্যাই ৪০ লাখৰ ঘৰ চুইছে। বিগত ২৪ ঘণ্টাত ৯০,৬৩২গৰাকী নাগৰিক ক’ৰোনাত আক্ৰান্ত হৈছে। শেষৰ ১৩ দিনত দেশজুৰি আক্ৰান্ত হৈছে ১০ লাখ লোক। সঞ্চালকগৰাকীৰ মতে এনে পৰিস্থিতি কিমান দিন বা মাহলৈ চলে তাক কোৱা টান, কিন্তু পৰিস্থিতি নিয়ন্ত্ৰণাধীন কৰিবলৈ তৎপৰ হোৱা দৰকাৰ।