নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানত ভাৰতীয় দূতাবাসৰ কর্মচাৰীক হাৰাশাস্তি

নিয়মীয়া বাৰ্তা, ১৭ জুনঃ পাকিস্তানৰ ইছলামাবাদস্থিত ভাৰতীয় দূতাবাসৰ দুই কর্মচাৰীক আই এছ আয়ে হাৰাশাস্তি কৰি এদিন বন্দী কৰি ৰখাৰ পিছত মোকলাই দিয়া ঘটনাক লৈ দুই দেশৰ মাজত উত্তেজনা অব্যাহত আছে৷ তথ্য মতে, ইছলামাবাদৰ ভাৰতীয় দূতাবাসত দুগৰাকী চালক হিচাপে কর্মৰত ব্যক্তিক সশস্ত্র সেনাই অপহৰণ কৰি নি এখন আৰক্ষী থানাত সুমুৱাই লৈ ৰডেৰে আক্রমণ কৰে, তদুপৰি চালক দুজনক লেতেৰা পানী খাবলৈ বাধ্য কৰায়৷ ইয়াৰ পিছতেই চালক দুজনক গাড়ীৰে দুর্ঘটনা কৰা বুলি স্বীকাৰোক্তি দিবলৈ বাধ্য কৰায়৷ এই ঘটনাৰ তথ্য ইছলামাবাদস্থিত ভাৰতীয় দূতাবাসে লাভ কৰাৰ পিছতে চৰকাৰখনক ঘটনা সন্দর্ভত অৱগত কৰাই প্রতিবাদ কৰে৷ এই প্রতিবাদৰ পিছতেই চালক দুজনক সশস্ত্র আই এছ আয়ে মুকলি কৰি দিয়ে৷ উল্লেখ্য যে কালি পুৱা ৮.৩০ বজাত এই ঘটনা সংঘটিত হৈছিল৷

You might also like