নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘চীন–পাকিস্তানৰ বিৰুদ্ধে একে সময়তে যুদ্ধ কৰিবলৈ সক্ষম ভাৰতীয় বাহিনী’

নিয়মীয়া বাৰ্তা, ২২ জুনঃ ১৯৬২ৰ ভাৰত এতিয়া নাই৷ বিশ্বৰ সামৰিক ক্ষেত্রত শক্তিশালী এক দেশ হিচাপে চিহ্ণিত হৈছে ভাৰত৷ বর্তমান ভাৰতীয় বাহিনী যিকোনো দেশৰ সৈতে যুদ্ধত যোগ্য প্রত্যুত্তৰ দিবলৈ সক্ষম৷

দেওবাৰে এই কথাটোকেই বাস্তৱ বুলি দাবী কৰি স্থলসেনাৰ প্রাক্তন মুৰব্বী জেনেৰেল ভি পি মালিকে উল্লেখ কৰিছে যে ভাৰতীয় সেনাই একেই সময়তে চীন আৰু পাকিস্তানৰ সৈতে সমুখসমৰ চলাবলৈ সক্ষমতা ৰাখিছে৷ হিন্দুস্তান টাইমছৰ ভগ্ণী সংস্থা ‘হিন্দুস্তান’ৰ সৈতে হোৱা সাক্ষাৎকাৰত জেনেৰেল মালিকে উল্লেখ কৰে যে দুটা বাহিনীৰ বিৰুদ্ধে আজি ভাৰতীয় সেনাই সহজেই যুদ্ধ কৰিব পাৰে৷ এইক্ষেত্রত কোনোধৰণৰ দুঃচিন্তাৰ প্রয়োজন নাই বুলি উল্লেখ কৰি দেশৰ বাহিনীৰ শত্রু পক্ষক যোগ্য প্রত্যুত্তৰ দিয়াৰ ক্ষমতা আছে বুলিও জেনেৰেল মালিকে ঘোষণা কৰিছে৷

প্রাক্তন সেনা মুৰব্বীগৰাকীৰ মতে পর্বতৰ দুর্গম যুদ্ধক্ষেত্রত ভাৰতীয় সেনাৰ যুদ্ধ কৰাৰ সক্ষমতা, দৃঢ়তা আৰু শক্তি যথেষ্ট বেছি৷ এইক্ষেত্রত ভাৰততকৈ বহু তলত আছে চীন৷ স্মর্তব্য যে লাডাখৰ গালৱান উপত্যকাত শেহতীয়াকৈ ভাৰত আৰু চীনৰ মাজৰ উত্তেজনা তুংগত উঠা বিষয়টোক লৈ মন্তব্য আগবঢ়াবলৈ গৈ জেনেৰেল মালিকে এই কথা ঘোষণা কৰিছে৷ ১৫ জুনত কি ঘটিছিল, সেয়া এয়া টার্নিং পইণ্ট বুলি উল্লেখ কৰি নতুন দিল্লী প্রশাসনে এতিয়া চীন সম্পর্কত থকা নীতি সলনি কৰিব লাগিব বুলিও উল্লেখ কৰে মালিকে৷ অকল সামৰিক ক্ষেত্রতেই নহয়, অর্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্রতো চীন সম্পর্কত থকা ভাৰতৰ পূর্বৰ নীতি সলনি হোৱা উচিত বুলি যুক্তি দর্শাইছে প্রাক্তন সেনা মুৰব্বীগৰাকীয়ে৷

ইফালে সীমান্তত ভাৰত–চীনৰ মাজত যুদ্ধৰ সম্ভাৱনা আছে নেকি বুলি কৰা এক প্রশ্ণৰ উত্তৰত জেনেৰেল মালিকে কয় যে ভাৰতৰ এতিয়া সক্ষমতা আছে৷ যদি যুদ্ধৰ পৰিস্থিতি আহি পৰে, তেন্তে আজিৰ মুহূর্তত ভাৰতে পিছহোঁহকাৰ কথা আহি নপৰে বুলিও মন্তব্য কৰে মালিকে৷ জেনেৰেল মালিকৰ মতে ভাৰতে এতিয়া বিভিন্ন স্থানত আক্রমণ চলাব পাৰে৷ দেশৰ বাহিনীয়ে সীমান্তক সুৰক্ষা প্রদান কৰিবলৈ সক্ষম বুলি যুক্তি দর্শাই মালিকে কয় যে ৫ দশক পূর্বৰ শক্তি বুলি ভাৰতক চিহ্ণিত কৰা উচিত নহয়৷

You might also like