নিয়মীয়া বাৰ্তা ২০ মেঃ লাডাখৰ এল অ’ চিত ভাৰত–চীনৰ সেনাৰ মাজত চলি থকা উত্তেজনা প্রায় হ্রাস পোৱাৰ সময়তে পুনৰ চীনৰ সৈন্যই লাডাখৰ পূব প্রান্তৰ সমীপতে অনুশীলন আৰম্ভ কৰিছে৷ বিশ্বাসঘাতক চীনৰ এই অনুশীলনক লৈ ইতিমধ্যে ভাৰতীয় সেনা সজাগ হৈছে৷ প্রতিটো ক্ষণতে ভাৰতীয় সেনাই চুবুৰীয়া ৰাষ্ট্রখনৰ সেনাৰ অনুশীলন সূক্ষ্ম নিৰীক্ষণ কৰি আছে৷ শীর্ষ সেনা বিষয়াই প্রকাশ কৰা মতে, বিগত কেইবা বছৰ ধৰি চীনৰ সেনাই উক্ত অঞ্চললৈ আহি অনুশীলন আৰম্ভ কৰে৷ বিগত বছৰতো চীনৰ সেনাই তালৈ আহি অনুশীলন কৰিছিল আৰু পিছলৈ সেই অনুশীলনেৰে ভাৰতীয় সেনাৰ দৃষ্টি আঁতৰাই ৰাখি আন দিশে আগ্রাসী পদক্ষেপ লৈছিল৷ এনে কাৰণতে ভাৰতীয় সেনাই চীনৰ অনুশীলনক সহজভাৱে গ্রহণ কৰা নাই আৰু সেনাৰ অনুশীলনক সকলো দিশেৰে নিৰীক্ষণ কৰি আছে৷ উল্লেখ্য যে এবছৰ পূর্বে লাডাখৰ এল অ’ চি অতিক্রম কৰি বিবদমান ভূমিত চীনা সৈন্যই অৱস্থান কৰাৰ লগতে এই অঞ্চলতে দুই দেশৰ সেনাৰ মাজত সংঘর্ষ হৈছিল৷ চীনা সৈন্যৰ আক্রমণত ২০গৰাকী ভাৰতীয় জোৱান শ্বহীদ হৈছিল৷ আনকি চীনৰ সেনাও কেইবাগৰাকী নিহত হৈছিল৷