সেনাৰ সৈতে আছে দেশ, সদনেও প্রেৰণ কৰক ঐক্যবদ্ধ বার্তাঃ মোদী
সংসদৰ অধিৱেশনৰ প্রথম দিনাই ২৬ সাংসদ পজিটিভ
নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ ক’ভিড–১৯ সৃষ্ট পৰিস্থিতিক প্রাধান্য দি নজিৰবিহীন সজাগতা আৰু সাৱধানতাৰ মাজেৰে সোমবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ বর্ষাকালীন অধিৱেশন৷ মহামাৰী ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি সংসদৰ ইতিহাসত কেইবাটাও ব্যাপক সালসলনি ঘটোৱা হৈছে৷ কার্যসূচীৰ সালসলনিৰ লগতে সদনত উপস্থিত থাকিবলগীয়া সাংসদকে ধৰি সকলো বিষয়া–কর্মচাৰীৰ ক’ভিড–১৯ পৰীক্ষণ বাধ্যতামূলক কৰা হয়৷ সেইমর্মে ১৮ দিনীয়া এই বর্ষাকালীন অধিৱেশনৰ আৰম্ভৰ পূর্বে ক’ভিড–১৯ পৰীক্ষণৰ ফলাফলত ২৬গৰাকী সাংসদ মহামাৰী ভাইৰাছটোত আক্রান্ত হয়৷ আক্রান্তৰ ভিতৰত ১৭গৰাকী লোকসভাৰ আৰু ৯গৰাকী ৰাজ্যসভাৰ সাংসদ৷ মহামাৰী ক’ভিড–১৯ প্রতিৰোধী ব্যৱস্থা হিচাপে অভাৱনীয় সজাগতা গ্রহণ কৰাৰ পৰিপ্রেক্ষিতত সাংসদৰ লগতে সদনৰ কর্মচাৰীসকলৰো ক’ভিড–১৯ পৰীক্ষা কৰা হয়৷ এই পৰীক্ষাত ক’ভিড–১৯ পজিটিভ হোৱা ১৭গৰাকী লোকসভাৰ সাংসদৰ ভিতৰত অসমৰ লখিমপুৰৰ প্রদান বৰুৱাও আছে৷ আক্রান্তৰ ভিতৰত সর্বাধিক ১২জন বিজেপিৰ, ৱাই আৰ এছ কংগ্রেছৰ ২জন, শিৱসেনাৰ ২জন, ডি এম কে আৰু আৰ এল পিৰ এজনকৈ সাংসদ আছে৷ ক’ৰোনাত আক্রান্ত সাংসদকেইগৰাকী হৈছে মীনাক্ষি লেখী, অনন্ত কুমাৰ হেগড়ে, পাৰভেজ চাহিব সিং, সুখবীৰ সিং, হনুমান বেণীৱাল, জনার্দন সিং, বিদ্যুৎ বৰণ, এন ৰেডেপ্পা, ছেলভান জি, প্রতাপ ৰাও পাটিল, ৰামশংকৰ কাঠেৰীয়া, সত্যপাল সিং, ৰোডমল নাগৰ আদি৷ আনপিনে, ৰাজ্যসভাৰো ৯গৰাকী সাংসদ ক’ভিড–১৯ত আক্রান্ত হৈছে৷ আক্রান্তৰ ভিতৰত বিজেপি আৰু কংগ্রেছৰ দুজনকৈ, এ আই এ ডি এম ক, টি আৰ এছ, আম আদমী পার্টী আৰু তৃণমূল কংগ্রেছৰ এজনকৈ আছে৷ আজি পুৱা ৯ বজাৰ পৰা লোকসভাৰ কার্যসূচী ১ বজালৈ চলাৰ বিপৰীতে বিয়লি ৩ বজাৰ পৰা ৭ বজালৈ চলে ৰাজ্যসভাৰ কার্যসূচী৷ প্রথম দিনা পুৱা লোকসভাৰ কার্যসূচী চলিলেও পৰৱর্তী দিনকেইটাত পুৱা ৰাজ্যসভাৰ কার্যসূচী চলিব আৰু বিয়লি চলিব লোকসভাৰ কার্যসূচী৷ তাৎপর্যপূর্ণ যে বর্ষাকালীন অধিৱেশনত প্রশ্ণকালীন ঘণ্টা বাতিল কৰা হৈছে৷ আজি পুৱা এই লৈ প্রস্তাৱ গৃহীত কৰা হয়৷ প্রশ্ণকালীন ঘণ্টা বাতিল কৰাৰ বাবে চৰকাৰৰ বিৰুদ্ধে অসন্তুষ্টি ব্যক্ত কৰিছে বিৰোধী দলসমূহে৷ এইবেলি অধিৱেশনৰ প্রশ্ণকালীন ঘণ্টাৰ বিপৰীতে কেৱল লিখিত প্রশ্ণ আৰু উত্তৰৰ অনুমতি প্রদান কৰা হৈছে৷ বিৰোধী কংগ্রেছ দলৰ সাংসদ তথা লোকসভাত দলপতি অধিৰ ৰঞ্জন চৌধুৰীয়ে প্রশ্ণকালীন ঘণ্টা বাতিল কৰা প্রসংগত অসন্তুষ্টি ব্যক্ত কৰি কয় যে প্রশ্ণকালীন ঘণ্টা হৈছে সোণালী ঘণ্টা৷ কিন্তু আপোনালোকে কৈছে যে পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি সেয়া চলাব নোৱাৰি৷ আপোনালোকে অধিৱেশন চলাইছে, কিন্তু প্রশ্ণকালীন ঘণ্টা বাদ দিছে৷ আপোনালোকে গণতন্ত্রক টেঁটু চেপিব বিচাৰিছে৷
ইপিনে, লাডাখৰ এল এ চিত চীনা সৈন্যৰ আগ্রাসনক লৈ কংগ্রেছসহ বিৰোধী দলে লোকসভাৰ কার্যসূচী স্থগিত ৰখাৰ জাননী দাখিল কৰে যদিও অধ্যক্ষই এই দাবী মানি নলয়৷ এল এ চিত চীনা সৈন্য আৰু ভাৰতীয় সৈন্যৰ মাজত চলি থকা উত্তেজনা সন্দর্ভত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কয় যে সদন আৰু সকলো সদস্যই ঐক্যবদ্ধ বার্তা প্রেৰণ কৰক– সেনাৰ সৈতে দেশ আছে৷ উল্লেখ্য যে ক’ভিড–১৯ৰ প্রট’কল অনুযায়ী ইতিমধ্যে ঘোষণা কৰা অনুসৰি লোকসভাৰ কক্ষত ২০০জন, ভিজিটর্ছ গেলাৰীত ৩০জন আৰু একাংশ সাংসদ ৰাজ্যসভাৰ কক্ষত বহি অধিৱেশনৰ কার্যসূচীত অংশগ্রহণ কৰে৷ প্রতিগৰাকী সাংসদে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব মানি চলে৷ তেনেদৰে ৰাজ্যসভাৰ কার্যসূচীও লোকসভাৰ অনুৰূপে অনুষ্ঠিত কৰে৷ অধিৱেশনৰ প্রথম দিনা সাংসদসকলে উপস্থিতি ডিজিটেলী সম্পন্ন কৰে৷ সাংসদসকলে ম’বাইল এপ ‘এটেণ্ডেণ্টছ ৰেজিষ্টাৰ’ৰ যোগেদি উপস্থিতি পঞ্জীয়ন কৰে৷ মহামাৰী ভাইৰাছটোৰ সংক্রমণৰ আশংকাত প্রথমবাৰৰ বাবে স্পর্শমুক্ত পৰিৱেশ সৃষ্টি কৰাৰ বাবে ম’বাইল এপত উপস্থিতি পঞ্জীয়ন কৰা হয়৷ এই ম’বাইল এপটো নেচনেল ইনফর্মেটিক চেণ্টাৰে বিকশিত কৰিছে৷ আনহাতে, অধিৱেশনৰ প্রথম দিনাৰ কার্যসূচীৰ আৰম্ভৰ পাছতেই লোকসভা আৰু ৰাজ্যসভা উভয় সদনতে প্রাক্তন ৰাষ্ট্রপতি প্রণৱ মুখার্জী, এগৰাকী সাংসদ আৰু ১৩গৰাকী প্রাক্তন সাংসদৰ বিয়োগত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি প্রতিটো সদনে এঘণ্টাৰ বাবে স্থগিত ৰাখে৷ আজি সদনত উপস্থিত থকা সাংসদৰ ভিতৰত প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, বিত্তমন্ত্রী নির্মলা সীতাৰমণ, আইনমন্ত্রী ৰবিশংকৰ প্রসাদ, ডি এম কে নেতা টি আৰ বালু, এন চিৰ নেতা ফাৰুক আব্দুল্লা, এন চি পিৰ নেত্রী সুপ্রিয়া চুলে আদি৷ উল্লেখ্য যে আজি কেন্দ্রীয় স্বাস্থ্যমন্ত্রী ডাঃ হর্ষ বর্ধনে ক’ভিড–১৯ পৰিস্থিতিক লৈ সদনত বক্তব্য আগবঢ়ায়৷ লকডাউনৰ বাবে দেশত অতি কমেও ২৯ লাখ লোক কমকৈ ক’ভিড–১৯ত আক্রান্ত হোৱাৰ লগতে ৩৩,০০০–৭৮,০০০জনৰ প্রাণহানি কমকৈ হৈছে বুলি কয় স্বাস্থ্যমন্ত্রীগৰাকীয়্৷ লোকসভাৰ আৰম্ভণিতে অধ্যক্ষ ওম বিৰলাই ক’ভিড–১৯ যুঁজত প্রাণ হেৰুওৱা ক’ৰোনা যোদ্ধা, বিশেষকৈ চিকিৎসক, নার্ছ, চাফাই কর্মী, আৰক্ষী আৰু স্বেচ্ছাসেৱকসকলক সোঁৱৰণ কৰে৷