চলিত বর্ষত ৪.৫ শতাংশ সংকুচিত হ’ব ভাৰতীয় অর্থনীতি, আইএমএফৰ সমীক্ষা
নিয়মীয়া বাৰ্তা, ২৫ জুনঃ চলিত বর্ষত ভাৰতীয় অর্থনীতি ৪.৫ শতাংশ অৱনমিত হ’ব৷ আন্তঃৰাষ্ট্রীয় মুদ্রা নিধি (আইএমএফ)য়ে অৱশ্যে এই দুঃসংবাদৰ লগতে এই কথাও প্রকাশ কৰিছে যে ২০২১ চনত ভাৰতে অর্থনৈতিক পুনৰুজ্জীৱিতকৰণত সফল হোৱাৰ পূৰামাত্রাই সম্ভাৱনা আছে৷
ভাৰতীয় অর্থনীতিৰ ৪.৫ শতাংশ সংকোচনক ঐতিহাসিক অৱনমন বুলি অভিহিত কৰে আইএমএফৰ মুখ্য অর্থনীতিবিদ গীতা গোপীনাথে৷ ক’ৰোনা ভাইৰাছৰ পৰিপ্রেক্ষিতত অর্থনৈতিক কাম–কাজ সম্পূর্ণৰূপে স্থবিৰ হৈ পৰাৰ পৰিপ্রেক্ষিততে এই ভয়ংকৰ মন্থৰতা নামি অহাটো অৱশ্যম্ভাবী হৈ পৰিছে৷
উল্লেখ্য যে ২০১৯ত ভাৰতৰ অর্থনৈতিক বিকাশৰ হাৰ আছিল ৪.২ শতাংশ৷ গতিকে ২০২০ চনৰ শেষত এই হাৰ ঋণাত্মক হোৱাটো একপ্রকাৰ নিশ্চিত হৈ পৰিছে৷ আনহাতে, আইএমএফৰ মতে ২০২০ চনত বিশ্বৰ অর্থনীতি ৪.৯ শতাংশ সংকুচিত হ’ব৷