নিয়মীয়া বাৰ্তা, ২৯ জুনঃ চীনৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত । ৫৯ টা চীনা এপছক নিষিদ্ধ কৰিলে ভাৰত চৰকাৰে । ইয়াৰ ভিতৰত সৰ্বাধিক ব্যৱহৃত টিকটক আৰু ইউচি ব্ৰাউজাৰ অন্তৰ্ভুক্ত হৈ আছে ।
তথ্য আৰু প্রযুক্তি মন্ত্রণালয়ে (Ministry of Information Technology) তথ্য প্রযুক্তি আইনৰ ধাৰা ৬৯ এ অধীনত এই ৫৯ টা চীনা মোবাইল এপছক নিষিদ্ধ ঘোষণা কৰিছে।
মন্ত্ৰণালয়ে এখন জাননী জাৰি কৰি জনায় যে এই ৫৯ টা চীনা এপছে সেই সমূহ ক্রিয়াকলাপত লিপ্ত আছিল যি ভাৰতৰ সার্বভৌমত্ব আৰু অখণ্ডতা, ভাৰতৰ প্রতিৰক্ষা, ৰাষ্ট্রৰ সুৰক্ষা আৰু সাৰ্বজনিক ব্যৱস্থাৰ বাবে বিপদ মাতি আনিব পাৰে।
নিষিদ্ধ হোৱা এপছ কেইটা হৈছে –
List of 59 apps banned by Government of India “which are prejudicial to sovereignty and integrity of India, defence of India, security of state and public order”. pic.twitter.com/p6T2Tcd5rI
— ANI (@ANI) June 29, 2020