ঘাতক ক’ভিড–১৯ৰ বাহক হওক ভাৰতীয় মুছলমান
ইছলামিক ষ্টেট মেগাজিন ‘লকডাউন স্পেচিয়েল’ সংস্কৰণত বিস্ফোৰক ভাষ্য
নিয়মীয়া বাৰ্তা ২৭ জুলাইঃ ভাৰতবিৰোধী ব্লু–প্রিণ্ট ৰচনা কৰি কুখ্যাত ইছলামিক ষ্টেট (আইএছ)–এ ভাৰতীয় মুছলমানসকলক ঘাতক ক’ভিড–১৯ৰ বাহক হ’বলৈ আহ্বান জনাইছে৷ ইছলামিক ষ্টেটৰ মেগাজিনত লকডাউন স্পেচিয়েল সংস্কৰণত ভাৰতীয় মুছলমানক হিংসাৰ বাবে উচটনি দি যিমান পাৰে সিমান কাফেৰক হত্যা কৰিবলৈ আহ্বান জনাইছে৷ আই এছৰ সমর্থক তথা শুভাকাংক্ষীসকলেও ক’ভিড–১৯ৰ বাহক হৈ ভাৰতৰ কাফেৰসকলক হত্যা কৰাৰ পণ ল’ব লাগে বুলিও মেগাজিনখনত উল্লেখ কৰা হৈছে৷ ইণ্ডিয়া টিভি টুডে’ত প্রকাশ কৰা বাতৰি মতে, ‘অনলাইনযোগে প্রচলিত ইংৰাজী ভাষাৰ ‘ভইচ অৱ হিন্দ’ নামৰ ইছলামিক ষ্টেটৰ মেগাজিনখনত দুটা সংস্কৰণত মুছলিম ধর্মক বাদে আন ধর্মৰ লোকক ক’ৰোনা বাহক হৈ হত্যা কৰিবলৈ স্পষ্টভাৱে উল্লেখ কৰিছে৷ নতুন দিল্লীৰ নিজামুদ্দিন মার্কাজত অংশগ্রহণকাৰী তবলিগী জামাতীৰ আলোকচিত্র আৰু দিল্লী সংর্ঘৰ আলোকচিত্র সন্নিৱিষ্ট কৰি ‘বিশ্বাসকাৰী থিয় হয় আৰু সেই সময়তে কাফেৰ বাগৰি পৰে’ শীর্ষকেৰে ভাৰতবিৰোধী কার্যত লিপ্ত হৈ দেশখনৰ মুছলমানসকলক আগবাঢ়ি যাবলৈ আহ্বান জনায়৷ ক’ভিড–১৯ৰ সংক্রমণ সম্প্রসাৰিত কৰাৰ সমান্তৰালকৈ ইছলাম ধর্মত বিশ্বাসীসকলে কাফেৰসকলক ৰছী, তাঁৰ আদিৰে হত্যা কৰিব পাৰে৷ তেনেদৰে গ্লাছেৰেও সহজতে হত্যা কৰিব পাৰে৷ তদুপৰি কেঁচী, হাতুৰীৰ লেখীয়া সঁজুলিৰেও কাফেৰসকলক হত্যা কৰিব সহজ বুলি মেগাজিনখনত উল্লেখ কৰিছে৷ দিল্লীৰ মার্কাজৰ মৌলবী শ্বাদ আৰু তবলিগী জামাতীয়ে দেশজুৰি মহামাৰী ক’ৰোনা ভাইৰাছ বিয়পোৱা কার্যক ভূয়সী প্রশংসা কৰা হয়৷ আনপিনে দিল্লী সংঘর্ষৰ সৈতে জড়িত থকাৰ অপৰাধত জামিয়া মিলিয়া ইছলামিয়াৰ কেইগৰাকীমান শিক্ষার্থীক গ্রেপ্তাৰ কৰা কার্যৰ প্রতিশোধ ল’বলৈয়ো ভাৰতীয় মুছলমানক আহ্বান জনাইছে ইছলামিক ষ্টেটে৷