নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিয় সংবাদ শিৰোনামত ইউক্ৰেইনৰ ভাৰতীয় ৰেষ্টুৰেণ্ট ‘সাথিয়া’

বিশেষ বাৰ্তা, ২ মাৰ্চঃ সংবাদ শিৰোনামত ইউক্ৰেইনৰ এখন ভাৰতীয় ৰেষ্টুৰেণ্ট। নাম ‘সাথিয়া’। ইয়াৰে মালিক ৫২ বছৰীয়া মণিষ ডাভে। ইউক্ৰেইনত থকা ভাৰতীয় শিক্ষাৰ্থীসকলৰ বাবে তেওঁ এই ৰেষ্টুৰেণ্টখন কেইমাহমান আগেয়ে মুকলি কৰিছিলহে। কিন্তু ভালকৈ আৰম্ভ হোৱাৰ আগতেই যুদ্ধই বিধ্বস্ত কৰিলে ইউক্ৰেইন। এতিয়া এই ৰেষ্টুৰেণ্টখন হৈ উঠিছে নিৰাপদ আশ্ৰয়স্থল। তাত বিনামূলীয়াকৈ খাদ্য আৰু আশ্ৰয় দিয়া হৈছে। কিন্তু, কিমান দিনলৈ তেওঁ খাদ্য যোগান দিব পাৰিব মানুহক?

ৱাশ্বিংটন পোষ্টৰ এক প্ৰশ্নত তেওঁৰ সৰল উত্তৰ- যেতিয়ালৈ পৰা যায়। ছ’চিয়েল মিডিয়াত ডাভেই যুদ্ধত দিশহাৰা হোৱা ভাৰতীয়সকলৰ লগতে আনকো তেওঁৰ ৰেষ্টুৰেণ্টলৈ আমন্ত্ৰণ জনাইছে আশ্ৰয়ৰ বাবে। মিছাইল, ম’ৰ্টাৰৰ আক্ৰমণৰ পৰা প্ৰাণ বচাবলৈ এই ৰেষ্টুৰেণ্টখনৰ নিম্নতলত সুৰক্ষিত আশ্ৰয় ল’ব পাৰে। বগ’মেলেটছ ৰাষ্ট্ৰীয় মেডিকেল বিশ্ববিদ্যালয়ৰ সমীপতে এইখন মুকলি কৰা হৈছিল। লগতে আশা কৰা হৈছিল যে যিহেতুকে তাত ভাৰতীয় শিক্ষাৰ্থী বহুত গতিকে খুব ভাল হ’ব ইয়াৰ ব্যৱসায়। কিন্তু এতিয়া মাত্ৰ পৰিস্থিতি স্বাভাৱিক হোৱাৰহে কামনা সকলোৰে।

You might also like