নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয়ক শ’লঠেকত পেলাই ভেকচিন ৰপ্তানি কৰা নাছিলঃ পুনাৱালা

নিয়মীয়া বাৰ্তা ২০ মেঃ ভাৰতীয় লোকৰ জীৱনৰ মূল্যৰ বিনিময়ত কেতিয়াও ভেকচিন ৰপ্তানি কৰা নাছিল৷ এই ঘোষণা ছিৰাম ইন্ষ্টিটিউট অৱ ইণ্ডিয়াৰ চিই’ আদৰ পুনাৱালাৰ৷ দেশত সম্প্রতি টিকাকৰণ অভিযানত প্রয়োগ হৈ থকা ক’ভিড ভেকচিন ক’ভিশ্বিল্ডৰ প্রস্তুতকর্তা কোম্পানীটোৰ চিই’ পুনাৱালাই আজি স্পষ্ট কৰি দিয়ে যে কোম্পানীটোৱে কেতিয়াও ক’ভিড ভেকচিন ৰপ্তানি কৰা নাছিল৷ ক’ভিড–১৯ ভেকচিনৰ নাটনিক লৈ চলি থকা বিতর্কৰ মাজতে আজি পুনাৱালাই এই মন্তব্য কৰি কয় যে বৃহৎ জনসংখ্যাৰ দেশখনৰ বাবে ২–৩ মাহৰ ভিতৰত ভেকচিন উৎপাদন সম্পূর্ণ কৰাটো সম্ভৱ নহয়৷

সমগ্র দেশৰ নাগৰিকক ভেকচিন প্রদান কৰিবলৈ প্রয়োজনীয় ভেকচিন উৎপাদন কৰিবলৈ ২–৩ বছৰ লাগিব৷ কোম্পানীটোৱে ইতিমধ্যে ২০০ নিযুততকৈ অধিক ভেকচিনৰ ড’জ যোগান ধৰিছে৷ ইমান কম সময়ৰ ভিতৰত বিশ্বত ক’ভিড ভেকচিন যোগান ধৰা দেশৰ শীর্ষ তৃতীয় স্থানৰ ভিতৰত এই কোম্পানীটো আছে৷ দেশৰ প্রতি লক্ষ্য ৰাখি কোম্পানীটোৱে উৎপাদন বৃদ্ধি কৰাৰ পদক্ষেপ গ্রহণ কৰিছে৷

You might also like