ক’ত স্থাপন হ’ব ভাৰতৰ প্ৰথমখন ভূতাত্ত্বিক উদ্যান
বিশেষ বাৰ্তা, ৩১ জানুৱাৰীঃ মধ্যপ্রদেশৰ জবলপুৰ জিলাৰ নর্মদা নদীৰ পাৰৰ লামহেটা গাঁৱত দেশৰ প্রথমখন জিঅ’ পার্ক স্থাপন হ’ব। এই কথাত অনুমোদন দিছে জিঅলজিকেল ছার্ভে অৱ ইণ্ডিয়াই (জিএছআই)। জবলপুৰ জিলা সদৰৰ পৰা ২০ কিলোমিটাৰ দূৰত অৱস্থিত লামহেটা গাঁৱত পাঁচ একৰ ভূমিত ভূতাত্ত্বিক শিলা গঠনৰ এটি বিশদ প্রকল্প প্রতিবেদন তৈয়াৰ কৰিবলৈ ১.৩০ কোটি টকা মঞ্জুৰ দিয়া হৈছে। এই প্রকল্পৰ আনুমানিক ব্যয় ৩৫ কোটি আৰু প্রয়োজনত অতিৰিক্ত ধন মঞ্জুৰ দিয়াও হ’ব। ভূতাত্ত্বিক ঐতিহ্যৰ সুৰক্ষা তথা ব্যৱহাৰক নজৰ দি আৰু সেই ঠাইখনত বসবাস কৰা মানুহৰ অর্থনৈতিক উন্নয়ণ কৰাৰ লক্ষ্যৰে ভূতাত্ত্বিক উদ্যান স্থাপন কৰা হ’ব। প্রাকৃতিক ঐতিহ্য সংৰক্ষণৰ বাবে ইতিমধ্যেই ইউনেস্কোৰ ভূ-ঐতিহ্যৰ অস্থায়ী তালিকাত আছে এই এলেকাটো।