নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইএনএছ বিক্রান্তৰ পৰীক্ষণ আৰম্ভ

ভাৰতৰ প্রথম থলুৱাভাৱে নির্মিত যুদ্ধবিমান পৰিবাহী জাহাজ

নিয়মীয়া বাৰ্তা ৫ আগষ্টঃ বহু প্রত্যাশিত দেশৰ প্রথম থলুৱাভাৱে নির্মিত যুদ্ধবিমান পৰিবাহী জাহাজ আই এন এছ বিক্রান্তৰ ঐতিহাসিক পৰীক্ষণ আৰম্ভ হ’ল৷ ভাৰতীয় নৌ বাহিনীৰ নেভেল ডিজাইন সঞ্চালকালয়ৰ আর্হিৰে নির্মাণ কৰা দেশৰ প্রথম থলুৱা যুদ্ধবিমান পৰিবাহী জাহাজ আই এন এছ বিক্রান্তৰ আজি সাগৰত পৰীক্ষণ আৰম্ভ কৰা হয়৷ থলুৱাভাৱে নির্মিত আই এন এছ বিক্রান্তৰ দৈর্ঘ্য ৮০০ ফুট আৰু বহল ২০৩ ফুট৷ বিমান পৰিবাহী জাহাজখনৰ ওজন প্রায় ৪৫ হাজাৰ মেট্রিক টন৷ বুধবাৰে সাগৰত পৰীক্ষণ চলোৱা আই এন এছ বিক্রান্ত পৰৱর্তী বর্ষৰ আগষ্ট মাহত নৌ বাহিনীত মোতায়েন কৰা হ’ব৷

মন কৰিবলগীয়া যে বিশ্বৰ মাত্র কেইখনমান দেশেহে থলুৱাভাৱে এনে যুদ্ধ বিমানপৰিবাহী জাহাজ নির্মাণ কৰি নিজৰ দেশৰ সেনাৰ হাতত অর্পণ কৰি আহিছে৷ দেশীয়ভাৱে নির্মিত আই এন এছ বিক্রান্তত যুদ্ধবিমান এম আই জি–২৬ কে চুপাৰছ’নিক, এম এইচ–৬০ আৰ বহু মাত্রিক হেলিকপ্ঢাৰ আৰু এ এল এইচ অৱতৰণ কৰোৱা হ’ব৷ আই এন এছ বিক্রান্তৰ ঐতিহাসিক পৰীক্ষণৰ সন্দর্ভত কেন্দ্রীয় প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে কয় যে– এয়া গৌৰৱ আৰু ঐতিহাসিক ক্ষণ৷ প্রতিৰক্ষাত আত্মনির্ভৰশীল হোৱাৰ এক সোণালী মুহূর্ত৷

ক’ভিড–১৯ সৃষ্ট পৰিস্থিতিৰ মাজতো প্রতিৰক্ষা বিভাগে দেশৰ বাবে সুখবৰ কঢ়িয়াই আনিলে৷ ভাৰত মহাসাগৰ অঞ্চলত চীনৰ দপদপনি বৃদ্ধি হৈ থকাৰ সময়তে ভাৰতৰ যুদ্ধবিমান পৰিবাহী জাহাজখনৰ পৰীক্ষণ আৰম্ভ কৰাটো অতিকে গুৰুত্বপূর্ণ বুলি চর্চিত হৈছে৷ উল্লেখ্য যে ভাৰতৰ হাতত সম্প্রতি মাত্র এখন যুদ্ধবিমান পৰিবাহী জাহাজ আছে৷ ২০১৩ চনৰ নৱেম্বৰত ২.৩৩ বিলিয়ন মার্কিন ডলাৰ ব্যয়েৰে ৰাছিয়াৰ পৰা ক্রয় কৰি আনিছিল আই এন এছ বিক্রমাদিত্য৷

You might also like