নিমন্ত্রণী পত্র লাভ ইকবাল আনছাৰিৰ
নিয়মীয়া বাৰ্তা ৪ আগষ্টঃ অযোধ্যা ভূমি বিবাদ গোচৰৰ অন্যতম গুচৰীয়া ইকবাল আনছাৰিয়ে লাভ কৰিলে ৰাম মন্দিৰ ভূমি পূজন কার্যসূচীৰ প্রথমখন নিমন্ত্রণী পত্র৷ ভূমি পূজনলৈ নিমন্ত্রণ পাই অতি সন্তুষ্টি লাভ কৰা ইকবাল আনছাৰিয়ে সংবাদ মাধ্যমৰ আগত কয়– ‘মই বিশ্বাস কৰোঁ এয়া ভগৱান ৰামৰ আশীর্বাদ৷ যাৰ বাবে মই প্রথম নিমন্ত্রণী পত্র লাভ কৰিলোঁ৷ এইখন মই সাদৰে গ্রহণ কৰিছোঁ৷ অযোধ্যাত হিন্দু আৰু মুছলমানে সংহতিৰে বসবাস কৰে৷ মন্দিৰৰ ভূমি পূজিত আৰু প্রধানমন্ত্রী মোদীয়ে অযোধ্যাৰ কার্যসূচীলৈ আহিব৷ যেতিয়াই মন্দিৰ নির্মাণ হ’ব, অযোধ্যাৰ ভাগ্যই সলনি হৈ যাব৷ অযোধ্যা অধিক দৃষ্টিনন্দন হ’ব আৰু দেশ–বিদেশৰ পৰা ইয়ালৈ তীর্থযাত্রী আহিব৷ স্থানীয় লোকসকলে নিযুক্তি লাভ কৰিব৷’